চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উদ্যোগত কন্যকা নামঘৰত অনুষ্ঠিত কৰ্ণ পৰ্ব নাট ভাওনা

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উদ্যোগত কন্যকা নামঘৰত অনুষ্ঠিত কৰ্ণ পৰ্ব নাট ভাওনা

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কন্যকা বহুমুখী কৃষি পামত শুক্ৰবাৰে নিশা অনুষ্ঠিত হয় কৰ্ণ পৰ্ব নাট ভাওনা ৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উদ্যোগত আৰু মৰণাকুৰি গাওঁৰ ৰাইজৰ সহযোগত কন্যকা নামঘৰত অনুষ্ঠিত এই ভাওনাত অভিনয় কৰা প্ৰতিজন কলা-কুশলীৰ সুন্দৰ অভিনয়ে দৰ্শক ৰাইজক মুগ্ধ কৰে ৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই সুকলমে ভাওনা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কন্যকা পৰিয়ালৰ সমূহ সদস্যক আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে গায়ন-বায়নত অংশলোৱা নদুৱাৰ সংগীত বিদ্যাপীঠৰ শিল্পী সকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ৷ এই ভাওনা সংস্কৃতিৰ জৰিয়তে অসমীয়া সমাজখন সুদৃঢ় হোৱাৰ লগতে শংকৰী সংস্কৃতিৰ ক্ষেত্ৰখন জীপাল হৈ থাকিব বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ কৰ্ন পৰ্ব ভাওনাভাগত পোন প্ৰথমবাৰ বিধায়ক পদ্ম হাজৰিকাৰ পুত্ৰ নিৰজ কুমাৰ হাজৰিকাক দেখা গল ঘটোৎকচৰ ভাৱত ।পুত্ৰ নিৰজে ঘটোৎকচৰ ভাৱৰে দৰ্শকৰ মন মুগ্ধ কৰিবলৈ সক্ষম হয় ।

বাতৰি যু‌গুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment