চলিত বৰ্ষত পুলিৎজাৰ বঁটাৰে সন্মানীত হ`ল ভাৰতীয় মূলৰ সাংবাদিক

২০২১ বৰ্ষৰ পুলিৎজাৰ বঁটাৰে সন্মানিত হৈছে লণ্ডনৰ সাংবাদিক মেঘা ৰাজাগোপালনে।চীনৰ জিনজিযাং প্ৰদেশত চৰকাৰী বাহিনীয়ে কিদৰে ইছলামিক কলা-কৃষ্টি,ভাষা-সংস্কৃতিৰ ওপৰত আক্ৰমণৰ চলাইছে আৰু মুছলমান সকলক কিদৰে বন্দী কৰি ৰাখিছে সেই বিষয়ে অনুসন্ধান মূলক বাতৰি প্ৰস্তুত কৰিছিল।
যোৱা শুক্ৰবাৰে বঁটা ঘোষণা হৈছিল।এই বঁটা ঘোষণা কৰা পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংবাদিক গৰাকীয়ে কয় যে মই যিহেতু সন্মান পাম বুলি ভবা নাছিলো,সেয়ে পুলিৎজাৰ ঘোষণা অনুষ্ঠানটো টিভিত চোৱাও নাছিলো,পিছত মই উদ্যোক্তাসকলৰ পৰা এটা ফোনকল পাইছো।আনহাতে স্থানীয় বাতৰি শিতানত নীল বেদীয়েও বঁটা লাভ কৰে।

Comments (0)
Add Comment