চাহেৰে জগত জিনা ধীৰেণ ফুকনৰ কথাৰে

চাহেৰে জগত জিনা ধীৰেণ ফুকনৰ কথাৰে

WhatsApp Image 2018-03-07 at 3.15.00 PM

এজন চাহ খেতিয়ক। তেখেতে বছৰ বছৰ ধৰি হাজাৰ হাজাৰ লোকক দিছে চাহ খেতি কৰা প্ৰশিক্ষণ। ডিব্ৰুগড়ৰ টিংখাঙৰ বাসিন্দা ধীৰেন ফুকন নামৰ ব্যক্তিজনে কেৱল দেশৰ খেতিয়ক সকলকেই নহয়, বিদেশী খেতিয়ক তথা খেতিৰ লগত জৰিত ব্যক্তিসকলক দিছে চাহ খেতিৰ প্ৰশিক্ষণ। উল্লেখযোগ্য যে সম্পূৰ্ণ বিনামূলীয়াকৈ ধীৰেন ফুকনে এনে সমাজ সেৱা আগবঢ়াই আহিছে।

WhatsApp Image 2018-03-07 at 3.13.51 PM

যাৰ বাবে অলপতে All India agriculture student association তেখেতক প্ৰগতি খেতিয়ক বঁটাৰে সন্মানিত কৰিছে। ইতিপূৰ্বে Nefocus. com ত উদ্যমী শিতানত ধীৰেন ফুকনৰ বিষয়ে লেখা প্ৰকাশিত হৈছিল। যাৰ জৰিয়তে বহু কেইজন ব্যক্তিয়ে আগ্ৰহী হৈ ধীৰেন ফুকনৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। এই মন্তব্য ধীৰেন ফুকনৰ।

WhatsApp Image 2018-03-07 at 3.13.50 PM

তেখেতে কয় আপোনালোকৰ প্ৰচাৰ কাৰ্য্যই মোক উৎসাহিত কৰিলে আৰু যথেষ্ট উপকৃত হ’লো। মই বিনামুলীয়াকৈ প্ৰশিক্ষণ আগবঢ়োৱাৰ এটাই উদ্দেশ্য হ’ল সকলোৱে যাতে স্বাৱলম্বী হয়। স্মতৰ্ব্য যে ফুকনে হাতেৰ বনোৱা চাহৰ উপৰিও বিভিন্ন চাহৰ প্ৰশিক্ষণ দিয়ে। ধীৰেন ফুকনৰ এনে কৃতিত্বৰ বাবে অভিনন্দন জনালোঁ।

Comments (0)
Add Comment