চাৰিদুৱাৰত বিশ্ব পৰিৱেশ দিৱস উদযাপন

অন্যান্য প্ৰান্তৰ লগতে শোণিতপুৰৰ চাৰিদুৱাৰতো বুধবাৰে বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে অসম অৰুনাচল সিমান্তৰ চাৰিদিৱাৰস্থিত ৩০ বেটেলিয়ন চি.আৰ.পি.এফ অৰ্ধ সামৰিক বাহিনীৰ জোৱানৰ সহযোগত বুধবাৰে এই কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। অসম কটন মিলচ প্ৰ: বিদ্যালয়ত সহায়ক অধিনায়ক শতিশ কুমাৰে আঁত ধৰা ৰাজহৱা সভাৰ জৰিয়তে ৩০ বেটেলিয়নৰ অধিনায়ক দিনেশ সিং চন্দেল লে ৰাইজক প্ৰকৃতিৰ লগত সহৱস্থান কৰিবৰ বাবে আৰু গোলকীয় উষ্ণতাক ৰোধ কৰিবৰ বাবে বৃক্ষ ৰোপন কৰিবলৈ সকলোকে আহ্বান জনাই জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস চলোৱা হয় । এই কাৰ্যসূচীৰ অন্তত পথৰ দুয়োকাষে অৰ্ধসামৰিক বাহিনীৰ জোৱান সকলৰ সহযোগত বৃক্ষৰোপনো কৰা হয়।

Comments (0)
Add Comment