চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ

আজি ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মিত্ৰজোঁটৰ গুৱাহাটী লোকসভাৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আয়োজিত এখন যুৱ সমাৰোহত চাৰি সহস্ৰাধিক যুৱক যুৱতীক সম্বোধন কৰে যুৱ মৰ্চাৰ সভাপতি সিদ্ধাঙ্কু অঙ্কুৰ বৰুৱা,ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক, সাংসদ পল্লৱ লোচন দাস,সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই।

ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্য্যালয়ৰ পৰা প্ৰেৰিত এক প্ৰেছ বিবৃতিৰ জড়িয়তে সদৰি কৰে যে গুৱাহাটীৰ খানাপাৰাৰ গণেশ মন্দিৰ ইন্দ’ৰ ষ্টেডিয়ামত প্ৰায় চাৰি হেজাৰোধিক যুৱক-যুৱতীৰ উপস্থিতিত এখন যুৱ সমাৰোহ অনুষ্ঠিত হৈ যায়। সমাৰোহখনত ভাগ লৈ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাঙ্কু অঙ্কুৰ বৰুৱাই কয় যে, দেশৰ যুৱক যুৱতীসকলে আজি ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত নিসংকোচে ওলাই আহিছে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ অমৃত কালত যুৱ প্ৰজন্মই ৰাষ্ট্ৰক বৈভৱশালী কৰি তুলিবৰ বাবে অঙ্গীকাৰবদ্ধ হৈছে। ৰাজ্যসভাৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ লোকসভা-২০২৪ৰ নিৰ্বাচন প্ৰবন্ধণ সমিতিৰ আহ্বায়ক পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে, ইতিমধ্যে সমাপ্ত হোৱা দুটা পৰ্যায়ৰ নিৰ্বাচনত অসমৰ যুৱ প্ৰজন্ময় ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোটদান কৰিছে । সৰ্বাধিক ভোটদান কৰিছে নতুন ভোটদাতাসকলে।কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ আৰু ৰাজ্যৰ ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে বিগত সময়ত যুৱ প্ৰজন্মৰ বাবে লোৱা আঁচনি সমুহৰ সুফল প্ৰতিটো স্তৰৰ যুৱ বন্ধু উপকৃত হৈছে। বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে কয় যে ডঃ শৰ্মা চৰকাৰে স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে কৰা নিয়োগৰ বাবে আজি হেজাৰ হেজাৰ মেধাৱী যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হৈছে। গুৱাহাটী লোকসভাৰ অন্তৰ্গত যুৱ ভোটদাতা সকলেও ইতিমধ্যে নিৰ্ণয় লৈ থৈছে যে, বিজুলী কলিতা মেধিক বিপুল সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰাই নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিব।

আজিৰ যুৱ সমাৰোহত যুৱ মৰ্চাৰ সভাপতি সিদ্ধাঙ্কু অঙ্কুৰ বৰুৱা, বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, অসম পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱ লহকৰৰ লগতে গুৱাহাটী যুৱ মৰ্চাৰ প্ৰভাৰী তথা ৰাজ্যিক উপ-সভাপতি গৌতম শৰ্মা, সাধাৰণ সম্পাদক তাপস কলিতা, গুৱাহাটী জিলা যুৱ মৰ্চাৰ সভাপতি নিহাৰেন্দ্ৰ শৰ্মা উপস্থিত থাকে।

Comments (0)
Add Comment