চিজুচাত পৰ্যটনৰ কৰ্মশালা অনুষ্ঠিত

ৱেষ্ট কামেং জিলাৰ চিজুচাস্থিত ৱাইল্ড লাইফ অডিটেৰিয়াম প্ৰেক্ষাগৃহত আজিৰ পৰাই আৰম্ভ হৈছে পৰ্যটনৰ ওপৰত বিশেষ কৰ্মশালাৰ অনুষ্ঠান।অৰুণাচল প্ৰদেশৰ প্ৰাকৃতিক সৌন্দৰ্য্য, জৈৱ বৈচিত্ৰৰ, সংৰক্ষণ কৰাৰ উদ্দেশ্য আগত ৰাখি অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাত ইতিমধ্যেই পৰ্যটনৰ ওপৰত কৰ্মশালাৰ অনুষ্ঠিত হৈ আছে। তাৰেই অংশ হিচাপে আজি অৰুণাচল প্ৰদেশৰ চিজুচাত পৰ্যটনৰ ওপৰত গুৰুত্ব দি এই কৰ্মশালাৰ আয়োজন কৰা হৈছে।তিনিদিনীয়া কাৰ্যসুচীৰে আয়োজন কৰা এই কৰ্মশালাত অৰুণাচল প্ৰদেশৰ সাতখন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰতিনিধি সকলে আগন্তুক তিনি দিনত অৰুণাচল প্ৰদেশৰ প্ৰাকৃতিক সৌন্দৰ্য্য জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু বিভিন্ন দিশত গৱেষণামূলক পৰ্য্যালোচনা কৰিব। উল্লেখযোগ্য যে 12 নং পাকে কেছাং সমষ্টিৰ বিধায়ক বিওৰাম ৱাগেই আদৰণি ভাষণ প্ৰদান কৰি কৰ্মশালাৰ শুভ উদ্ধোধন কৰে । ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে চিজুচাস্থিত পাকে টাইগাৰ ৰিজাৰ্ভৰ জীৱ জন্তু হৰ্ণ বিল সংৰক্ষণ কৰাৰ লগতে পৰ্যটনৰ বাবে চিজুচাক সৰ্বাংগ সুন্দৰ হিচাপে গঢ় দিয়াৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি মননশীল বক্তব্য আগবঢ়ায় ।কৰ্মশালাৰ এই সমগ্ৰ কাৰ্যসুচীৰ আঁত ধৰে অৰুণাচল চৰকাৰ পৰ্যটন বিভাগৰ ডেপুটি ডাইৰেক্টৰ বেনজিয়া মান্নই।তেওঁৰ ভাষণত অৰুণাচল প্ৰদেশৰ উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন দিশৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য দিয়াৰ লগতে এই কৰ্মশালাৰ উদ্দেশ্যেৰ বিষয় ব্যাখ্যা দাঙি ধৰে।অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত অনুষ্ঠিত উক্ত কৰ্মশালাত অৰুণাচল প্ৰদেশ পৰ্যটন বিভাগৰ কেইবাগৰাকীও উচচ পদস্থ বিষয়া উপস্থিত আছিল। উল্লেখযোগ্য যে সভাত চিজুচাৰ অতিৰিক্ত উপায়ুক্ত টি আৰ টোপী, পৰ্যটন বিভাগৰ অতিৰিক্ত সঞ্চালক বেলজিয়াম মান্না,পৰ্যটন বিভাগৰ উপদেষ্টা আইজিং লাংচা সহ কেইবাগৰাকী পৰ্যটন ও বন বিভাগৰ লোকে অংশগ্ৰহণ কৰে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment