চিনেমা সংস্কৃতি প্ৰসাৰত চলচিত্ৰ মহোৎসৱৰ ভূমিকাৰ সম্পৰ্কে কি আলোচনা হ’ল

সপ্তাহযোৰাকৈ অনুষ্ঠিত হোৱা তৃতীয় গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয চলচ্চিত্ৰ মহোৎসৱৰ আজি চতুৰ্থ দিনা  ‘চিনেমা সংস্কৃতি প্ৰসাৰত চলচ্চিত্ৰ মহোৎসৱৰ ভূমিকা’শীৰ্ষক এক মনোজ্ঞ আলোচনা অনুষ্ঠিত হয়।আলোচনা মুখ্য বক্তা হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰ পুৰস্কাৰপ্ৰাপ্ত ছবি সমালোচক সংবাদিক মনোজ বৰপূজাৰী ,পোলেণ্ডৰ অভিনেত্ৰী তথা ছবি নিৰ্মাতা এবা বুকস্কা, বাংলাদেশৰ ছবি-পৰিচালক নুৰ ইমৰাণ মিঠু ,ফিলেণ্ডৰ অভিনেত্ৰী ছবি নিৰ্মাতা হেইকি কুজানপা ।অনুষ্ঠানটোৰ আঁত ধৰে ছবি নিৰ্মিতা ৰমা জাছেমদাৰে।চিনেমা সংস্কৃতিক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত চলচ্চিত্ৰ মহোৎসৱ গুৰুত্ব অপৰিসীম বুলি মন্তব্য কৰি মনোজ বৰপূজাৰীযে কয় যে কলাত্মক ছবিৰ বাবে দৰ্শন সৃষ্টিৰ জৰিয়তে ভাল ছবিৰ প্ৰতি দৰ্শনক আকৃষ্ট কৰাৰ ক্ষেত্ৰত মহোৎসৱে নিৰ্মাতাসকলোক উৎসাহ যোগোৱাত এনে মহোৎসৱ যথেষ্ট সহায় কৰে বুলিও মন্তব্য কৰে। ৰাষ্ট্ৰীয়তকৈ আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ মহোৎসৱত বিভিন্ন দেশৰ ছবি চোৱা তথা ইয়াৰ সৈতে জড়িত কলা-কুশলীক লগ পোৱা বা তেওঁলোকৰ সৈতে আলাপ কৰাৰ সুবিধা পোৱা যায় বাবে ইয়াৰ গুৰুত্ব তুলনামূলক ভাৱে অধিক বুলি তেওঁ কয়।প্ৰথম বাৰৰ বাবে চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকি এই সন্দৰ্ভত হোৱা অভিজ্ঞতা আজি মুকলি আলোচনাত ব্যক্ত কৰে । মহোৎসৱসমূহে তেওঁৰ ছবিৰ ব্যৱহাৰিক সফলতা যথেষ্ট সহায় কৰিছে বুলি তেওঁ প্ৰকাশ কৰে।ফিলেণ্ডৰ ছবি  নিৰ্মাতা হেইকিকুজানপাযো কলাত্মক ছবিৰ প্ৰচাৰৰ ক্ষেত্ৰত চলচ্চিত্ৰ মহোৎসৱসমূহৰ প্ৰয়োজনীয়তা আৰু ছবি-নিৰ্মিতাসকলোক উৎসাহ যোগোৱা বুলি মন্তব্য কৰে।উল্লেখযোগ্য যে বাংলাদেশৰ ছবি পৰিচালক নুৰ ইমৰাণ মিঠু এন আৰেজ শ্বিপ ছবি:নিৰ্মাতা এৱা বুকস্কাৰ ৫৩ৱাৰছ আৰু ফিনলেণ্ডৰ ছবি নিৰ্মাতা হেইকি কুজানপা ‘লাফ অব ডাই ‘তৃতীয়ত গুৱাহাটী চলচ্চিত্ৰ আন্ত:ৰাষ্ট্ৰীয়ৰ চলচ্চিত্ৰ মহোৎসৱক প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।উল্লেখযোগ্য যেকলাক্ষেত্ৰৰ তিনিটা প্ৰেক্ষাগৃহ আৰু জোতি চিত্ৰবনত অনুষ্ঠিত হোৱা তৃতীয় গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ মহোৎসৱত ৬৫খন দেশৰ শতাধিক ছবি প্ৰদৰ্শন কৰা হব।বসুধৈব কুটুম্বকম আৰ্থগোটেই পৃথিৱীখনেই এক পৰিয়াল চিন্তাধাৰাৰে উজ্জীৱিত গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱত ‘কান্টু অব ফকাছ ‘ইৰানৰ হোৱাৰ বিপৰীতে ‘ৰিজন অব ফকাছ’ হল নেটিন আমেৰিকা।

Comments (0)
Add Comment