চি আই এছ এফৰ ব্যতিক্ৰমী পদক্ষেপ

কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ চি.আই.এছ.এফৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত: ৰাষ্ট্ৰীয় বিমান বন্দৰৰ সুৰক্ষাৰ দায়িত্বত থকা গোটটোৱে বাহিনীটোৰ পৰিয়ালৰ লোকসকলৰ কল্যাণৰ বাবে এছ এ এন আৰ এ কে এছ এইছ ৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি দেওবাৰে আজাৰা বৰবৰী অঞ্চলত দৰিদ্ৰ লোকৰ মাজত আঠুৱা, কম্বল বিতৰণ কৰে। বিতৰণ কাৰ্যসুচীৰ শুভাৰম্ভ কৰে চি আই এছ এফৰ বিমান বন্দৰ গোটটোৰ পৰিয়াল কল্যাণৰ বাবে গঠিত সংস্থাটোৰ সভানেত্ৰী চি কুকিয়ে। অনুষ্ঠানটোত চি আই এছ এফৰ বৰঝাৰ বিমান বন্দৰ গোটটোৰ কামাণ্ডেণ্ট এল কে হকিঙকে ধৰি বাহিনীটোৰ কেইবাগৰকী বিষয়া, বহু সংখ্যক জোৱান, বৰবৰী গাওৰ গাওবুঢ়াকে ধৰি অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে কাৰ্যসূচীত অঞ্চলটোৰ প্ৰায় এশ গৰাকী দৰিদ্ৰ লোকৰ মাজত আঠুৱা, কম্বল বিতৰণ কৰা হয়।

Comments (0)
Add Comment