কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পিএফ) উত্তৰ পূব মণ্ডলৰ তিনিদিনীয়া বাৰ্ষিক ক্ৰীড়া সমাৰোহ সামৰণি পৰে ৷ গুৱাহাটী পশ্চিম প্ৰান্তৰ ৰাণীস্থিত চি আৰ পি এফ বেটেলিয়ানৰ উদ্যোগত ৰাণীত ৪ মাৰ্চৰ পৰা অনুষ্ঠিত তিনিদিনীয়া ক্ৰীড়া সমাৰোহত বাহিনীটোৰ তিনিটা গ্ৰুপ মুখ্য কাৰ্য্যালয় আৰু দহটা বেটেলিয়ানকে ধৰি মুঠ ১৩ টা দলৰ ১৩১ গৰাকী খেলুৱৈয়ে বিভিন্ন প্ৰতিযোগিতাত ভাগ লয় ৷
আনহাতে শুকুৰবাৰে বিয়লী ৰাণীস্থিত ১৭৫ চি আৰ পি এফ বেটেলিয়নৰ মুখ্য কাৰ্য্যালয়ৰ চৌহদত আয়োজিত সমাৰোহৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চি আৰ পি এফৰ উত্তৰ পূব মণ্ডলৰ মহাপৰিদৰ্শক প্ৰকাশ ডি ৷ এই উপলক্ষে ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাৰ আদৰণি ভাষণেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত মহাপৰিদৰ্শক প্ৰকাশ ডিয়ে বিজয়ী প্ৰতিযোগী সকলক বঁটা সমূহ বিতৰণ কৰে ৷
চি আৰ পি এফৰ উত্তৰ পূব মণ্ডলৰ ক্ৰীড়া সমাৰোহ সামৰণি
