কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চি আৰ পি এফ) গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ উদ্যোগত আজি ৰাণীৰ পৰা কিছু নিলগৰ অসম মেঘালয় সীমান্তৰ জয়ন্তীপুৰৰ পশুপালন বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰ চৌহদত গছপুলি ৰোপন অভিযান চলায়।
১৭৫ চি আৰ পি এফৰ কামাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাৰ নেতৃত্বত বাহিনীটোৰ বহু সংখ্যক বিষয়া-জোৱান অঞ্চলটোৰ জলবায়ুৰ লগত খাপ খোৱা বিভিন্ন প্ৰজাতিৰ প্ৰায় ৪০০ টা গছপুলি ৰোপন কৰে।অভিযানত বাহিনীটোৰ ডেপুটি কামাণ্ডেণ্টদ্বয় আব্দুল ৰহিম আৰু মনোজ কুমাৰ সিং, পশুপালন প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়া ডা: পি চি ৰাভাকে ধৰি কেইবাগৰাকী বিষয়াই অংশ গ্ৰহণ কৰে।
চি আৰ পি এফৰ উদ্যোগত গছপুলি ৰোপনৰ অভিযান
