চৰাইদেউৰ প্ৰথম গৰাকী ক’ভিড আক্ৰান্ত ব্যক্তিক ঘৰলৈ প্ৰেৰণ

চৰাইদেউৰ প্ৰথম গৰাকী ক’ভিড আক্ৰান্ত ব্যক্তিক ঘৰলৈ প্ৰেৰণ

চৰাইদেউ মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন প্ৰথমজন ক’ভিড-১৯ ৰোগীক ঘৰলৈ প্ৰেৰণ কৰিছে। সোণাৰিৰ ৰজাপুখুৰীস্থিত চিকিৎসালয় খনৰ ক’ভিড কক্ষত যোৱা চাৰি জুনত ব্যক্তিগৰাকীক ভৰ্তি কৰোৱা হৈছিল। ব্যক্তিগৰাকী কাকতিবাৰী পহুচুঙী গাঁৱৰ বুধিন্দ্ৰ বৰুৱা (২১) বুলি জানিবলৈ পোৱা গৈছে। উল্লেখ্য যে  চেন্নাইৰপৰা ঘৰলৈ উভতি আহি চৰাইদেউ জিলাৰ মৰাণত কোৱাৰেণ্টাইন হৈ থকা সময়তে দেহত ক’ভিড ১৯ পজিটিভ ধৰা পৰাত ব্যক্তিগৰাকীক ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ৰ ক’ভিড কক্ষত ভৰ্তি কৰোৱা হৈছিল।
 
 
চিকিৎসালয়খনৰ চিকিৎসক ডাঃ মিলন কুমাৰৰ তত্বাৱধানত থাকি বিগত দিনকেইটাত চিকিৎসা গ্ৰহণ কৰাৰ অন্তত সুস্থ হৈ উঠাত কালি চিকিৎসালয় কৰ্তৃপক্ষই বুধিন্দ্ৰ বৰুৱাক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে। সেই অনুসৰি চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াৰ লগতে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া তথা স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকি চিকিৎসালয়খনৰ পৰা গামোচা পিন্ধাই বিদায় দিয়ে।
খবৰ যুগুতালে সোণাৰিৰ পৰা অভিজিত ভূঞাই..

Comments (1)
Add Comment
  • বুধিন্দ্ৰ বৰুৱা

    ধন্যবাদ