ছ্যুকাফা দিৱস উদযাপন

ছ্যুকাফা দিৱস উদযাপন

IMG-20171202-WA0024-600x400

বৰ অসমৰ ভেটি গঢ়োতা চাওলুং ছ্যুকাফাক সশ্ৰদ্ধ প্ৰণিপাত জনাই আজি সমগ্ৰ অসমতে ছ্যুকাফা দিৱস পালন কৰে। মহানগৰীৰ জয়া নগৰতো ছ্যুকাফা ভৱন নিৰ্মাণ সমিতিৰ উদ্যোগত এই দিৱস উদযাপিত হয়। পতাকা উত্তোলনেৰে কাৰ্য্যসূচী আৰম্ভ হৈ পৰম্পৰাগত ৰীতিৰে মৈডাম তৰ্পণ হয়।

IMG-20171202-WA0025-400x600

১০ বছৰৰ অনুৰ্দ্ধ ছাত্ৰ- ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত চাওলুং ছ্যুকাফাৰ অৱদান শীৰ্ষক এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। এই বক্তৃতা অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড° ৰাজীৱ সন্দিকৈ, ড° গোবিন্দ প্ৰসাদ শৰ্মা, বুৰঞ্জীবিদ শৰৎ কুমাৰ ফুকনে বক্তৃতা অনুষ্ঠানত ছ্যুকাফাই সমাজ জীৱনলৈ আগবঢ়োৱা বিভিন্ন দিশৰ সৰ্ম্পকে বক্তব্য ৰাখে।

Comments (0)
Add Comment