জন্মদিনত অনুৰাগীয়ে লিখিলে সুশান্ত তুমি য’তেই আছা, শান্তিত থাকা

আজি জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৩৫ সংখ্যক জন্ম বাৰ্ষিকী।অভিনেতা গৰাকী জন্ম দিনৰ লগত সংগতি ৰাখি ছ’চিয়েল মেডিয়াত হাজাৰ হাজাৰ অনুৰাগীয়ে শুভেচ্ছা জ্ঞাপন কৰি পোষ্ট শ্বেয়াৰ কৰিছে।কোনোৱে ৰাজপুতৰ দৰ্শন, আৰ্দশক সুঁৱৰি অভিনেতা গৰাকী শুভেচ্ছা যাঁচিছে।কোনোৱে অভিনেতা গৰাকীৰ ন্যায়ৰ বাবে এই বিশেষ দিনটোত ঈশ্বৰক প্ৰাৰ্থনা জনাইছে।
ইতিমধ্যে ছ’চিয়েল মেডিয়া ফেচবুকত এটা টেণ্ড আৰম্ভ হৈছে। উল্লেখযোগ্য যে বিগত বৰ্ষৰ ১৪ জুনত অভিনেতা গৰাকীক মুম্বাইত নিজা ফ্লেটত মৃত অৱস্থাত পোৱা গৈছিল ।পৰৱৰ্তী সময়ত অভিনেতা গৰাকীৰ মৃত্যু তদন্ত কৰিবলৈ চি বি আই, এ চি বি আৰু ইউ ডি সক্ৰিয় হৈ পৰিছিল।জনপ্ৰিয় অভিনেতা গৰাকীৰ আজি এই বিশেষ দিনটোত এন ই ফ’কাচ ডট কমৰ পৰিয়ালে শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

Comments (0)
Add Comment