জন সম্পৰ্কৰক্ষীৰ যাত্ৰা আৰম্ভ কৰিলে সোণাৰি বিধায়িকাই

চাৰিবছৰত এজন বিধায়কে যিখিনি কাম কৰিলে মই ছমাহত সিমানখিনি কাম কৰিবলৈ বিছাৰিছো। যদিও এয়া অসম্ভৱ তথাপিও চেষ্টা অব্যাহত ৰাখিছো এই মন্তব্য সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ।
 
 
উল্লেখযোগ্য যে সোণাৰিৰ বিধায়িকা নৱনীতা সন্দিকৈয়ে আজি জন সম্পৰ্ক যাত্ৰা আৰম্ভ কৰে। ৰাজ্যত শাসকীয় বিজেপি দলৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে আৰম্ভ হৈছে এই কাৰ্যসূচী। সোণাৰিৰ বহু কেইগৰাকী লোকৰ ঘৰত উপস্থিত হৈ বিধায়িকা নৱনীতা সন্দিকৈয়ে চাৰিবছৰীয়া কাৰ্যকালৰ খতিয়ান দাঙি ধৰাৰ লগতে পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়।
খবৰ যুগুতালে সোণাৰিৰ পৰা অভিজিত ভূঞাই।

Comments (0)
Add Comment