জামুগুৰিহাটত উত্তৰ জামুগুৰি ভলীবল কচিং চেন্টাৰৰ উদ্যোগত দিবা নৈশ ভলিবল প্ৰতিযোগিতা অনুষ্ঠিত

জামুগুৰিহাটৰ মুঢ়াদলত উত্তৰ জামুগুৰি ভলীবল কচিং চেন্টাৰৰ উদ্যোগত প্ৰয়াত সুৰেন বৰুৱা আৰু জীৱন হাজৰিকাৰ সোৱৰণত যোৱাকালি অনুষ্ঠিত হয় প্ৰাইজ মানি ভলীবল প্ৰতিযোগিতা। জামুগুৰিহাটৰ মুঢ়াদল পাছগাও নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত উক্ত দিবা নৈশ ভলিবল খেল খনৰ শুভ উদ্ধোধন কৰে মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে। জামুগুৰি আঞ্চলিক ভিত্তিত অনুষ্ঠিত কৰা উক্ত ভলীবল খেলাত অঞ্চলটোৰ বহুকেইটা ভলীবল দলে অংশগ্ৰহণ কৰে। উল্লেখ্য যে অঞ্চলটোৰ ভলীবলৰ প্ৰতি আগ্ৰহী উঠি অহা যুৱ প্ৰজন্মক প্ৰেৰনা, সাহস দি এজন ভাল খেলুৱৈ হিচাপে গঢ় দিয়াৰ মানসেৰে এই অঞ্চলৰ দুজন মান ক্ৰীড়ানুৰাগী যুৱকৰ প্ৰচেষ্টাত জন্ম লাভ কৰা এই ভলী কচিং চেন্টাৰটোৰ প্ৰশিক্ষক হিচাপে আছিল বিশিষ্ট ভলীবল খেলুৱৈ অনন্ত বৰঠাকুৰ আৰু নিতু বৰঠাকুৰ। নিশা অনুষ্ঠিত ফাইনেল খেলত হাতিঙা দলে চেম্পিয়ন হোৱাৰ লগতে চেঙামাৰী দলে ৰানাৰচ আপ আৰু হাতিঙা দলৰ ৰিয়ন বৰাই শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Comments (0)
Add Comment