জামুগুৰিহাটত যোৱা নিশা অনুষ্ঠিত হয় মহাৰাস সমাৰোহ

জামুগুৰিহাটৰ পৰিদৰ্শন বঙলা খেলা পথাৰত জামুগুৰি কেন্দ্ৰীয় ৰাস উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত উক্ত মহাৰাসত অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী মেঘৰঞ্জনীয়ে ৰাধাৰ চৰিত্ৰত নৃত্য কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। এদিনীয়া কৈ অনুষ্ঠিত উক্ত মহাৰাসত কৃষ্ণৰ ভাৱত মিমন মহন্ত, জুবিলী শইকীয়া,চপ্নালী হাজৰিকাইয়ো সুন্দৰ নৃত্যৰে উপস্থিত দৰ্শকক মনোৰঞ্জন দিবলৈ সক্ষম হয়। ইয়াৰোপৰি শংখচূড়ৰ ভাৱত সাংবাদিক নবদ্বীপ ভূঞা,বিতোপন নাথ আৰু হিমাংশু বৰাৰ সুন্দৰ নৃত্য ভংগিমাই ৰাসস্থলীত উপস্থিত কেইবা শতাধিক দৰ্শকক আপ্লুত কৰে। স্থানীয় শিল্পী সকলৰ দ্বাৰা সুন্দৰ ভাৱে পৰিবেশিত উক্ত মহাৰাসৰ গোপী সকলৰ মাজত এক প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ইয়াৰে প্ৰথম দ্বিতীয় পুৰস্কাৰ লাভ কৰা গুপী সকলক ৰাস সমিতিৰ ফালৰ নগদ ধনেৰে পুৰস্কৃত কৰা হয়।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Comments (0)
Add Comment