জামুগুৰিহাটত শোণিতকোঁৱৰ গজেন বৰুৱা দিৱস উদযাপন

অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ এগৰাকী নক্ষত্র স্বৰূপ,ঐতিহ্য মণ্ডিত বাৰেচহৰীয়া ভাওনা, বৰপুখুৰীপাৰৰ মুকলি বিহুক জগত সভাত পৰিচয় কৰি স্বৰ্ণ শিখৰত উপনীত কৰোতা, শোণিতকোঁৱৰ গজেন বৰুৱাৰ স্মৃতি দিৱস আজি বাৰেচহৰীয়া ভাওনা প্ৰকল্প স্থলীত চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি অনুষ্ঠুপীয়াকৈ পালন কৰা হয় । চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক তথা গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাক মুখ্য উপদেষ্টা আৰু বাৰেচহৰীয়া ভাওনা কমিটিৰ সভাপতি ভৱ গোস্বামীক উপদেষ্টা হিচাপে লৈ গঠন কৰা উদ্ যাপন সমিতিখনে উক্ত দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালনৰ আয়োজন কৰিছিল যদিও ক’ভিদ পৰিস্থিতিৰ বাবে অধিকাংশ কাৰ্যসূচী বাতিল কৰি অনুষ্ঠুপীয়াকৈ পালন কৰা হয়। আজি পুৱা ৯ বজাত বাৰেচহৰীয়া ভাওনা প্ৰকল্প স্থলীৰ শ্বহীদ বেদী প্ৰসংগত থকা শোণিতকোঁৱৰ গজেন বৰুৱাৰ প্ৰতিমূৰ্তিত অঞ্চলটোৰ অনুষ্ঠানসমূহৰ বিষয়ববীয়া আৰু সীমিত সংখ্যক ৰাইজৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় আৰু সন্ধিয়া বন্তি প্ৰজ্বলনেৰে বৰ্ষটোত কাৰ্যসূচীৰ সামৰণি পৰিব। অনুষ্ঠানটোত উপস্থিত থকা সকলোৰে মাস্ক পৰিধান বাধ্যতামূলক কৰাৰ লগতে সমিতিৰ তৰফৰ পৰা চেনিটাইজাৰৰ ব্যৱস্থা কৰা হৈছে বুলিও সম্পাদকদ্বয়ে জানিয়ে দিয়ে। উল্লখযোগ্য যে ২০১৭ চনৰ পৰা অসম চৰকাৰে প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে শিল্পী গৰাকীৰ নামত বঁটা প্ৰদান কৰি আহিছে ।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Comments (0)
Add Comment