জামুগুৰিহাটৰ টৌভঙা তৰাজানত নয়নজ্যোতি যুৱক সংঘৰ উদ্যোগত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টৌভঙা তৰাজান প্ৰাথমিক বিদ্যালয়ৰ ৰঙ্গমঞ্চত আজি নয়নজ্যোতি যুৱক সংঘৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় দহ গৰাকীকৈ লেটাৰ নম্বৰ লাভ কৰা কৃতি শিক্ষাৰ্থীসকলক অসমীয়াৰ জাতীয় স্বাভিমান গামোছা, কিতাপৰ লগতে প্ৰশংসা পত্ৰৰে উষ্ম অভিনন্দন জ্ঞাপন কৰাৰ লগতে তৰাজানৰ উদিয়মান যুৱ সাহিত্যিক মোহন পাঠকৰ দ্বাৰা লিখিত “টি ট্ৰাইবছ ইন ছচিঅ’ পলিটিকেল ৰিলম অফ আসাম” শিৰ্ষক গ্ৰন্থখনি শুভ উন্মোচন কৰে ত্যাগবিৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ প্ৰৱক্তা তথা অসম কলেজ শিক্ষক সন্থাৰ সম্পাদক ড° জয়ন্ত বৰুৱাই । উক্ত অনুষ্ঠানত সভাপতি হিচাপে উপস্থিত থাকে ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক তথা অঞ্চলৰ জেষ্ঠ সমাজকৰ্মী গোপাল চন্দ্ৰ দাস। তেওঁৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদ্যঘোষিত ভাৰত সাহিত্য একাডেমিৰ অনুবাদ সাহিত্য বঁটাৰ বাবে নিৰ্বাচিত হোৱা তথা ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা ড° সঞ্জীৱ উপাধ্যায়, টুপিয়া পাঁচগাঁও একাডেমিৰ অধ্যক্ষ অশোক দাহালৰ লগতে বহুকেইজন গন্য মান্য ব্যক্তি উপস্থিত থাকে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment