জামুগুৰিহাটৰ নেমু ৰপ্তানি হ’ব সুদূৰ নেদাৰলেণ্ডলৈ

জামুগুৰিহাট বাসীৰ বাবে সুখবৰ ! সকলো ঠিকে থাকে থাকিলে হয়তু অতি কমদিনৰ ভিতৰতে শোণিতপুৰৰ জামুগুৰিহাটত উৎপাদিত হোৱা নেমু ৰপ্তানি হ’ব সুদূৰ নেদাৰলেণ্ডলৈ । জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ উৎপাদিত হোৱা নেমু খেতি ইতিমধ্যে পৰিদৰ্শন কৰি গৈছে নেডাৰলেণ্ডৰ প্ৰতিনিধিয়ে । সাত সাগৰ তেৰ নদীৰ সীপাৰৰ পৰা অহা নেডাৰলেণ্ডৰ এটি প্ৰতিনিধি দলে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ বালিজুৰি, মৰিসুতি, বৰদিকৰাই, আজাৰগুৰিকে কেইবাটাও স্থানত থকা কৃষকৰ উৎপাদিত নেমু খেতি স্বচক্ষে পৰিদৰ্শন কৰি এই অঞ্চলৰ উৎপাদিত নেমু পৰীক্ষামূলক ভাৱে নিজৰ দেশলৈ লৈ যোৱা হ’ব বুলি জানিবলৈ দিয়ে । বিদেশী প্ৰতিনিধিক সংগ দিয়া জামুগুৰিহাটৰ মুঢ়াদল গাঁওৰ উদ্যমী কৃষক পংকজ হাজৰিকাই । কৃষক পংকজ হাজৰিকাই আৰু জানিবলৈ দিয়া মতে যদি নেদাৰলেণ্ডৰ প্ৰতিনিধি দলটোৱে তেওঁলোকে বিছৰা ধৰণৰ নেমুৰ স্থান জামুগুৰিহাটৰ নেমুয়ে লাভ কৰিবলৈ সক্ষম হয় তেন্তে এই নেমু অকল নেডাৰলেণ্ডলৈকে নহয় ইউৰোপৰ আন দেশ সমূহলৈও ৰপ্তানি হোৱাৰ সুবিধা লাভ কৰিব ।বিদেশী প্ৰতিনিধিৰ দলটোৱে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ নেমু খেতি পৰিদৰ্শন কৰাৰ পাছত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ়লৈ উঠা বিশাল কৃষি পাম কন্যকাও পৰিদৰ্শন কৰে । উল্লেখ্য যে ইতিমধ্যেই বিশেষ গুণৰ বাবে খ্যাতি অৰ্জন কৰা জামুগুৰিহাটৰ উত্তৰাঞ্চলত উৎপাদিত নেমু অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বৰ্হি ৰাজ্যলৈও ৰপ্তানি হয় ।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment