জামুগুৰিহাটৰ পাতলৰচুক গাৱত অনুষ্ঠিত হ’ল বোকাখেচা ভাওনা

জামুগুৰিহাটৰ পাতলৰচুক গাৱত অনুষ্ঠিত হ’ল বোকাখেচা ভাওনা

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পাতলৰচুক গাৱত দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত কৰা হয় ২৬৭ সংখ্যক শ্ৰীকৃষ্ণ জন্মষ্টমী আৰু নন্দোৎসব -বোকাখেচা ভাওনা ৷ এই উদ্দেশ্যৰে আজি পূৱাৰে পৰা পাতলৰচুক গাৱলৈ ভক্তৰ লানি নিছিগা সোঁত বোৱাই পৰিলক্ষিত হয় ৷ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিয়ে পাতলৰচুক গাৱক কৰি তুলিছে বৈকুণ্ঠপুৰী৷শ শ শৰাই শলিতা আগবঢ়াই ভক্ত প্ৰাণ ৰাইজে আৰ্শীৱাদ লয় ভগবন্তৰ কাষত ৷ সন্ধিয়া নামঘৰ চৌহদত শ শ ৰাইজে চাকি বন্তি জ্বলাই মনোবাঞ্ছা পূৰণৰ অৰ্থে ভগৱানৰ আশীষ গ্ৰহণ কৰে ৷ অহা কালিলৈ প্ৰতিকী ৰূপত ৰাইজে বোকাখেচা ভাওনা অনুষ্ঠিত কৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে৷উল্লেখ্য‌ যে এই ভাওনা অনুষ্ঠিত নকৰিলে গাৱখনত নানা অপায়-অমংগলে দেখা দিয়ে বুলি ৰাইজৰ বিশ্বাস কৰি আহিছে ৷ ভাওনাৰ দিনটোত গাওবাসী ৰাইজে উপবাসে থাকে বুলি জানিব পৰা গৈছে ৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment