জামুগুৰিহাটৰ বালিজুৰিত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ৰমাইলৌ তিহাৰ সমাৰোহ উদযাপন

চতিয়া সমষ্টিৰ অন্তৰ্গত তথা জামুগুৰিহাটৰ বালিজুৰিস্থিত ধোবিখোলা ৰঙ্গমঞ্চত প্ৰয়াত কমল চুব্বাৰ স্মৃতিত বালিজুৰি ধোবিখোলা সাংস্কৃতিক মঞ্চৰ উদ্যোগত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ৰমাইলৌ তিহাৰ সমাৰোহ উদযাপন কৰে । কাৰ্যসূচী মৰ্মে শনিবাৰ প্ৰথম দিনা সন্ধ্যা তিহাৰৰ নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰে । উক্ত প্ৰতিযোগিতাৰ মঞ্চ উদ্বোধন কৰে মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে । দেওবাৰ দ্বিতীয় দিনা সন্ধ্যা ৰমাইলৌ তিহাৰ সমাৰোহ অনুষ্ঠিত কৰে । দ্বিতীয় দিনাৰ মঞ্চভাগ উদ্বোধন কৰি চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই কয় যে – বৃহত্তৰ অসমীয়া জাতিৰ এটা অবিছেদ্য অংগ অসমৰ গোৰ্খা জনগোষ্ঠী । তিহাৰ সমাৰোহৰ জৰিয়তে আমাৰ মাজত থকা আস্থা বিশ্বাসৰ ভাব প্ৰতিটো জনগোষ্ঠীৰ মাজত বৰ্তি ৰাখি আমাৰ সমাজখনৰ লগতে নৱপ্ৰজন্ম সকলকো আগুৱাই নিয়াৰ প্ৰয়াস কৰিব লাগিব আৰু প্ৰতিটো জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানবোৰ যেন বিশ্বৰ দৰবাৰত জিলিকাবলৈকো প্ৰয়াস লব লাগিব।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰই।

Comments (0)
Add Comment