জামুগুৰিহাটৰ শাৰীৰিক ভাৱে সক্ষম এগৰাকী লোকৰ এক অদম্য প্ৰয়াস

জামুগুৰিহাটৰ এগৰাকী শাৰীৰিক ভাৱে সক্ষম লোকে নিজৰ একক প্ৰচেষ্টাত গঢ়ি তোলা ফুড ইণ্ডাষ্টিত প্ৰস্তুত কৰা চিৰা, পিঠাকে ধৰি বিহুৰ জা জলপানে এতিয়া সমাদৰ লাভ কৰিছে অঞ্চলটোৰ লগতে সমগ্ৰ উত্তৰ অসমত ৷ বিশেষকৈ উজনি অসমৰ জনপ্ৰিয় জলপান হুৰুম শোনিতপুৰ জিলাত প্ৰথমবাৰৰ বাবে তৈয়াৰ কৰি উলিয়াইছে ইণ্ডাষ্ট্ৰী টোৱে ৷।কিছু বছৰৰ পূৰ্বে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এখন ভৰি হেৰুৱাই পেলোৱা জামুগুৰিহাটৰ কাঠবাৰী গাঁৱৰ ভবেন বৰা নামৰ ব্যক্তিজনে স্থাপন কৰা ফুড ইণ্ডাষ্টিত এতিয়া তৈয়াৰ কৰা হৈছে বিহুৰ লাৰু পিঠাপনাৰ লগতে সকলো জা জলপান।জামুগুৰিহাটৰ কাঠবাৰী গাঁওৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে ‘হিমা ফুড ইণ্ডাষ্টি’ নামেৰে স্থাপন কৰা ক্ষুদ্ৰ উদ্যোগটোৰ লগতে বিপনীত তৈয়াৰ কৰা বিহুৰ পিঠাপনাৰ লগতে জা জলপান কিনিবলৈ দৈনিক সমাগত হয় বহু লোকৰ। প্ৰায় ৩০জনৰো অধিক লোকক আত্মসংস্থাপন দিবলৈ সক্ষম হোৱা এই ফুড ইণ্ডাষ্টিৰ স্বত্বাধিকাৰ তথা শাৰীৰিক ভাৱে সক্ষম বাক্তি ভবেন বৰাই সমাজৰ প্ৰতিজন লোককেই মনৰে সক্ষম হৈ নিজৰ নিজৰ কৰ্ম ক্ষেত্ৰত আগবাঢ়ি গ`লে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Comments (0)
Add Comment