জিষ্ণু বৰুৱাক কেন্দ্রীয় বিদ্যুৎ নিয়ামক আয়োগ (চিইআৰচি)ৰ অধ্যক্ষৰ দায়িত্ব

জিষ্ণু বৰুৱাক কেন্দ্রীয় বিদ্যুৎ নিয়ামক আয়োগ (চিইআৰচি)ৰ অধ্যক্ষৰ দায়িত্ব

অসম চৰকাৰৰ প্রাক্তন মুখ্য সচিব জিষ্ণু বৰুৱাক কেন্দ্রীয় বিদ্যুৎ নিয়ামক আয়োগ (চিইআৰচি)ৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে৷ ১৯৮৮ চনৰ বেটছৰ অৱসৰপ্রাপ্ত আইএএছ বিষয়াজনক অর্পণ কৰা এই গুৰুত্বপূর্ণ দায়িত্ব সন্দর্ভত নিযুক্তি সম্পর্কীয় কেবিনেট কমিটীয়ে কালি আনুষ্ঠানিক নির্দেশনা জাৰি কৰে৷ কেন্দ্রীয় শক্তি মন্ত্রালয়ৰ প্রস্তাৱত অনুমোদন জনাই নিযুক্তি সম্পর্কীয় কেবিনেট কমিটীয়ে জাৰি কৰিছে এই নির্দেশনা৷ উল্লেখ্য যে বিগত বর্ষৰ জুন মাহত চিইআৰচিৰ অধ্যক্ষ হিচাপে পি কে পূজাৰীৰ কার্যকাল শেষ হয়৷ তেতিয়াৰ পৰা প্রায় ৮ মাহ ধৰি খালী হৈ আছিল গুৰুত্বপূর্ণ পদটো৷ অৱশেষত যোৱা আগষ্ট মাহত অসম চৰকাৰৰ মুখ্য সচিব হিচাপে অৱসৰ গ্রহণ কৰা জিষ্ণু বৰুৱাক পি কে পূজাৰীৰ স্থলাভিষিক্ত কৰা হয়৷

Comments (0)
Add Comment