জে ডি ডিজাইনাৰ বঁটা ২০১৯ অনুষ্ঠিত

অসমৰ অন্যতম আগশাৰীৰ ডিজাইন প্ৰতিষ্ঠান জে ডি ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজীয়ে আই টি এ প্ৰেক্ষাগৃহত জে ডি ডিজাইনাৰ বঁটা অনুষ্ঠিত কৰে।প্ৰত্যেক বছৰে প্ৰদৰ্শিত কৰাৰ দৰে প্ৰতিষ্ঠানখনৰ ৫০ গৰাকী শিক্ষাৰ্থীয়ে ডিজাইন কৰা ৭০ বিধ বস্ত্ৰ প্ৰদৰ্শিত কৰে ।জানিব পৰা মতে ছুইচ শীৰ্ষক থিমেৰে এইবাৰৰ বস্ত্ৰ সম্ভাৰৰ ডিজাইন কৰা হৈছে ।উল্লেখযোগ্য যে অনুষ্ঠানৰ আৰম্ভণিতে জুবলি ফাউণ্ডেচনে অংগ দানৰ সম্পৰ্কে সজাগতা মূলক মন্তব্য প্ৰদান কৰে।অনুষ্ঠানত জে ডি ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজীৰ সঞ্চালক হৰ্ষ দালাল, ফেশ্বন ডিজাইনাৰ প্ৰশান্ত ঘোষ,ইণ্টেৰিঅ’ ডিজাইনাৰ নীৰা কৰ, আল্পনা বৰুৱাকে আদি কৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

Comments (0)
Add Comment