বিগত বৰ্ষৰ দৰে এইবাৰো টপচেম চিমেণ্ট আৰু ইণ্ডিয়ান অইল ক’ৰপাৰেচনে গুৱাহাটী স্কুটাৰ মটৰ চাইকেল মালিক সন্থাৰ সহযোগত বিশ্বকৰ্মাৰ মূৰ্তি সমূহ বিসৰ্জন কাৰ্য্যসূচী ৰূপায়ণ কৰে । বিভিন্ন স্থানৰ পৰা মূৰ্তি সমূহ সংগ্ৰহ কৰি বিসৰ্জন দিয়ে। এই সম্পৰ্কে টপচেম চিমেণ্টৰ ক্ৰয় আৰু বিপণন বিভাগৰ অধ্যক্ষ ড০ অনিল কাপুৰে কয় যে এনে ধৰণৰ পদক্ষেপে মহানগৰীখনক স্বচ্ছ কৰি তোলা সহায়ক হ’ব। স্মৰ্তব্য যে প্ৰায় ১০০০০ মূৰ্তি সংগ্ৰহ কৰি কালি বিসৰ্জন দিয়ে।
টপচেম চিমেণ্টৰ উল্লেখনীয় পদক্ষেপ
