ফিজিঅ’থেৰাপি শিক্ষাৰ অভিজ্ঞ শিক্ষক আৰু গবেষক অসমৰ ডঃ অভিজিত দত্তলৈ আগবঢ়োৱা হৈছে একাডেমিক এক্সিলেন্স বঁটা ৷ অসমত ফিজিঅ’থেৰাপি শিক্ষাৰ প্ৰসাৰৰ বাবে দীর্ঘ দিন ধৰি আগবঢ়োৱা সেৱাৰ বাবে ডঃ দত্তলৈ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা আগবঢ়াইছে হাৰিয়ানাৰ চাৰ্টাৰ্ড এছ’চিয়েচনে ৷ যোৱা ২২ ডিচেম্বৰত হাৰিয়ানাৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ৰ ডাঃ সৰ্বেপল্লী ৰাধাকৃষ্ণন অডিটৰিয়ামত অনুষ্ঠিত হোৱা ‘ফ’ৰ্থ ইন্টাৰনেচনেল কনফাৰেন্স অব ফিজিঅ’থেৰাপিষ্ট’ত তেখেতক এই বঁটা প্ৰদান কৰা হয় ৷ ৰোহটক লোকসভা সমষ্টিৰ সাংসদ ড০ অৰবিন্দ শৰ্মাই এই বঁটা আৰু সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সম্বৰ্ধনা সভাত উপস্থিত থকা কেইগৰাকীমান বিশিষ্ট লোক আছিল দিল্লী ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড ৰিচাৰ্চ ইউনিভাৰ্চিটি উপাচাৰ্য প্ৰফেচৰ ৰমেশ কে গোৱাল, মাননীয় উপাচাৰ্য নতুন দিল্লী, ৰোহটকৰ মেয়ৰ মনমোহন আৰু আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী পৰমহন্স কালিদাস মহাৰাজ৷ জীৰ পবিত্ৰ সান্নিধ্যত।
বঁটা গ্ৰহণ কৰি ডঃ দত্তই অসমৰ ফিজিঅ’থেৰাপি শিক্ষাৰ জগতখনৰ অগ্ৰগতি আৰু সম্ভাৱনাৰ বিষয়ে কয় আৰু এই বঁটাক তেখেতৰ কামৰ স্বীকৃতি হিচাপে গ্ৰহণ কৰে ৷ ফিজিঅ’থেৰাপিৰ সৰ্বভাৰতীয় স্তৰত শিক্ষাবিদ হিচাপে বিশেষ খ্যাতি অৰ্জন কৰা ডঃ দত্ত অসম ডাউন টাউন কিশ্ববিদ্যালয়ৰ পেৰামেডিকেল বিজ্ঞান বিভাগৰ ডীন ৷
ডঃ অভিজিৎ দত্তলৈ একাডেমিক এক্সিলেন্স বঁটা
