ডিগবৈত সৌৰ চালিত বিদ্যুৎ আঁচনি উদ্বোধন

অসম চৰকাৰে তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ১নং অসমীয়া গাঁওখন আদৰ্শ গাঁও হিচাপে ঘোষণা কৰাৰ পাছত স্থানীয় বিধায়ক সুৰেন ফুকন তৎপৰ হৈ পৰিছে।বিধায়ক ফুকনে সমষ্টি উন্নয়নৰ লগতে আদৰ্শ গাঁও গঢ় দিবলৈ কেতবোৰ আঁচনি গ্ৰহণ কৰিছে। গাঁওখনত ১০ লাখ টকাৰে নিৰ্মাণ কৰা সৌৰচালিত বিদ্যুৎ যোগান আঁচনি খন ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে শুভ উদ্বোধন কৰে। বিধায়ক গৰাকীয়ে সমষ্টিত বাট পথ উন্নয়ন, আঁচনি ৰূপায়ন কৰাত গুৰুত্ব আৰোপ কৰিছে।

Comments (0)
Add Comment