ডিচেম্বৰৰ পৰা হ’ব ৰঞ্জি ট্রফী ক্রিকেট

ডিচেম্বৰৰ পৰা হ’ব ৰঞ্জি ট্রফী ক্রিকেট

মহামাৰী ক’ৰণা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে যোৱা বছৰ বাতিল হোৱা ৰঞ্জি ট্রফী এইবাৰ ডিচেম্বৰ মাহৰ পৰা আয়োজনৰ চিন্তা–চর্চা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ শুকুৰবাৰে অনুষ্ঠিত এপেক্স কাউন্সিলৰ বৈঠকত ব’র্ডে ২০২১–২২ ঘৰুৱা ছিজনৰ ৰূপৰেখা তৈয়াৰ কৰে৷ এই অনুসৰি ছেপ্ঢেম্বৰৰ মাজভাগৰ পৰা চৈয়দ মুস্তাক আলী টি–২০ ক্রিকেট প্রতিযোগিতাৰ জৰিয়তে এইবাৰৰ ঘৰুৱা ছিজন আৰম্ভ হ’ব৷ ইয়াৰ পিছতে ক্রমে নৱেম্বৰত বিজয় হাজাৰে এদিনীয়া ট্রফী আৰু ডিচেম্বৰৰ পৰা ২০২২ৰ মার্চলৈ ৰঞ্জি ট্রফী আয়োজনৰ চিন্তা–চর্চা কৰা হৈছে৷ যোৱাবাৰৰ দৰে এইবাৰো অনুষ্ঠিত নহ’ব দুলীপ ট্রফী, দেওধৰ ট্রফী আৰু ইৰানী কাপ৷ উল্লেখ্য যে ২০২০–২১ৰ ঘৰুৱা ছিজনতো বি চি চি আয়ে মুস্তাক আলী টি–২০ আৰু বিজয় হাজাৰে এদিনীয়া ট্রফীহে আয়োজন কৰিব পাৰিছে৷

Comments (0)
Add Comment