ডুবাইত অনুষ্ঠিত ‘আইবা এছিয়ান’ বক্সিঙৰ ফাইনেলত প্ৰৱেশ বক্সাৰ মেৰীকম, ছেমি ফাইনেলত অসমৰ শিৱ থাপা আৰু লাভলিনা

ডুবাইত অনুষ্ঠিত আইবা এছিয়ান ২০২১ ৰ টকিঅ’ অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছে বক্সাৰ মেৰীকমে। ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ এম চি মেৰীকমে ডুবাইত চলি থকা আইবা এছিয়ান বক্সিং চেম্পিয়নশ্বীপৰ মহিলাৰ ৫১ কেজি শাখাত ফাইনেলত প্ৰৱেশ কৰিছে। এছিয়াৰ সম্মানীয় প্ৰতিযোগিতাখনৰ ৫১ কেজি শাখাৰ ছেমিফাইনেলত প্ৰতিপক্ষ মংগোলীয়ান বক্সাৰ লুটচাইখান আলটানচেটচেগক ৪-১ ব্যৱধানত পৰাস্ত কৰি আইবা এছিয়ান বক্সিঙৰ ফাইনেলত প্ৰৱেশ কৰিছে মেৰীকমে।
৩৮ বছৰীয়া তাৰকা বক্সাৰ মেৰীকমে কেবল ছয়বাৰৰ বিশ্ব চেম্পিয়নেই নহয় অলিম্পিক গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। অলিম্পিকৰ প্ৰাকমুহুৰ্তত।এছিয়ান বক্সিং চেম্পিয়নশ্বীপে অধিক আত্মবিশ্বাস কঢ়িয়াই আনিব মেৰীকমৰ। উক্ত প্ৰতিযোগিতাতে ছেমিফাইনেলত প্ৰবেশ কৰিছে অসমৰ শিৱ থাপা আৰু লাভলিনা বৰগোঁহাইয়ে।

Comments (0)
Add Comment