ঢকুৱাখনাত অভিভাৱক মন্ত্ৰী সঞ্জয় কৃষাণৰ ক`ভিড পৰ্যালোচনা সভা

ঢকুৱাখনাত অভিভাৱক মন্ত্ৰী সঞ্জয় কৃষাণৰ ক`ভিড পৰ্যালোচনা সভা

ক`ভিড ১৯ৰ  ভয়াবহ সংক্ৰমণৰ ৰম্যভূমি স্বৰূপ হৈ পৰা লখিমপুৰ জিলাক সম্পূৰ্ণ  লকডাউন ঘোষণা কৰাৰ পাছত বৃহস্পতি বাৰে জিলাখনত উপস্থিত হয় ৰাজ্য চৰকাৰৰ  অভিভাৱক মন্ত্ৰী  সঞ্জয় কৃষাণ । জিলাখনৰ ক`ৰণাকালীন জটিল পৰিস্থিতিৰ সন্দৰ্ভত  উপায়ুক্ত শোণিত চটৱানকে ধৰি জিলা প্ৰশাসন ,স্বাস্থ্য বিভাগৰ শীর্ষ বিষয়াবৰ্গৰে  পৰ্যালোচনা কৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী কৃষাণে ।  ইয়াৰ পাছতে মন্ত্ৰী গৰাকী উপস্থিত হয় ঢকুৱাখনা মহকুমাৰ ঘিলামৰাৰ  ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত অৱস্থিত কোভিড কেয়াৰ চেণ্টাৰত। জিলাধিপতি  শোণিত চটৱান , মহকুমাধিপতি গুৰনেইল সিং , ঘিলামৰাৰ খণ্ড উন্নয়ন বিষয়া ৰাহুল ডেকা ,  স্বাস্থ্য বিভাগৰ ঢকুৱাখনা খণ্ডৰ  খণ্ড মিছন প্ৰবন্ধক সত্যম কুমাৰ চাহু , চিকিৎসক ডাঃ নাৰায়ণ দেউৰী , ডাঃ ললিত শইকীয়াকে ধৰি অন্যান্য স্বাস্থ্য বিভাগ আৰু প্ৰশাসনীয় বিষয়াবৰ্গই সহযোগিতা আগবঢ়াই মন্ত্ৰী গৰাকীক। পাছত ঢকুৱাখনা  খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত উপস্থিত হৈ  মন্ত্ৰী গৰাকীয়ে মহকুমাটোৰ প্ৰশাসনীয় আৰু বিভাগীয় বিষয়াবৰ্গৰে  ক`ভিড সন্দৰ্ভত পৰ্যালোচনা সভাত অংশ লয়।   সাম্প্ৰতিক সময়ত জিলাখনৰ লগতে মহকুমাটোত ক`ৰণাৰ সংক্ৰমণে ভয়াবহ ৰূপ লোৱাত  প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ কৰণীয় যথেষ্ট আছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।  বৰ্তমান অৱস্থাতকৈ অনাগত সময়ত যাতে এই ৰোগে অধিক জটিল অৱস্থালৈ গতি কৰিব নোৱাৰে তাৰ বাবে প্ৰয়োজনীয়  সকলো যাবতীয়  জৰুৰী কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।  মন্ত্ৰী গৰাকীয়ে  ঘিলামৰাৰ কোভিড চিকিৎসা কেন্দ্ৰটোত আশ্ৰিত  আক্ৰান্ত সকলক সাক্ষাৎ কৰি  সন্মুখীন হোৱা অভাৱ সমস্যাৰ বুজ লয়।  কেন্দ্ৰটোৰ আশ্ৰিত  সকলৰ  মুখে কেন্দ্ৰটোত দৈনিক চেনিটাইজ নকৰা  , নিকাকৰণ নকৰাৰ অভিযোগ শুনি মন্ত্ৰী গৰাকীয়ে এনেবোৰ ওজৰ আপত্তি শীঘ্ৰে নিষ্পত্তি কৰাৰ নিৰ্দেশ দিয়ে। আজিৰে পৰা স্প্ৰে মেচিনেৰে সমগ্ৰ  চৌহদ চেনিটাইজ কৰাৰো নিৰ্দেশ দিয়ে। তাৰোপৰি  কেন্দ্ৰটোৰ চৌহদত এটা মৃতদেহ ৰখা আছুতীয়া  কোঠা নিৰ্মানৰো নিৰ্দেশ দিয়ে। কেন্দ্ৰটোৰ ব্যবস্থাপনাত অসন্তুষ্ট মন্ত্ৰী গৰাকীয়ে  পৰিস্থিতিৰ  অধিক অৱনতি ঘটিলে কিদৰে মোকাবিলা কৰিব তাৰ বাবে আগতীয়াকৈ  আজিৰ পৰাই  প্ৰশাসন অধিক সষ্টম হোৱাৰ নিৰ্দেশ দিয়ে। মন্ত্ৰী গৰাকীয়ে মহকুমাটোত পৌৰসভাৰ অধীনত এখন মৃতদেহ কঢ়িওৱা বাহন শীঘ্ৰে যোগান ধৰাৰ ব্যৱস্থা কৰা হব বুলি জনায়।  প্ৰশাসনৰ সৰু সৰু ভুলৰ বাবে নিৰ্মম পৰিণতি ভুগিব লগা যাতে নহয় তাৰ বাবে বৰ্তমানতকৈ বেছি কষ্ট কৰাৰ আহ্বান জনাই  বিভাগ আৰু প্ৰশাসনক।  খণ্ড আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহুৱে  ঢকুৱাখনা আৰু ঘিলামৰা স্বাস্থ্য খণ্ডৰ অধীনত আজি পৰ্যন্ত কোভিড ৰোগী , ৰেট , আৰ টি পি চি আৰ পৰীক্ষা, মৃত-আক্ৰান্তৰ পৰিসংখ্যা আদিৰ বিস্তৃত  প্ৰতিবেদন দাখিল কৰা সভাত  মন্ত্ৰী গৰাকীয়ে  লখিমপুৰ জিলাৰ লগতে ঢকুৱাখনা মহকুমাক পুনৰ ভাল অবস্থালৈ উভতাই অনাৰ বাবে সকলোকে নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ নিৰ্দেশ দিয়ে। 
ইপিনে বুধবাৰে ঘিলামৰা ক`ভিড কেয়াৰ চেণ্টাৰত মহিলা আক্ৰান্ত দিতি মণি গোঁহাইৰ (৪৫) মৃত্যুৰ পাছত মৃতদেহ সৎকাৰক লৈ উদ্ভৱ হোৱা জটিল পৰিস্থিতিৰ বিপৰীতে বিভাগৰ কৰণীয়তাত কিছু সুৰুঙা থাকি যোৱা বুলি স্বাস্থ্য বিভাগক দোষাৰোপ কৰি অনাগত সময়ত যাতে এনে পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ  বাবে সতৰ্ক হবলৈ সকীয়াই দি মন্ত্ৰী গৰাকী তিনিচুকীয়া জিলালৈ ৰাওনা হয়। বাতৰি যুগুতালে ঢকুৱাখনাৰ অমৃত পৱন বৰাই।

Comments (0)
Add Comment