ঢকুৱাখনাত  সংগীত সূৰ্য্য গ্ৰাম্য গোটৰ কাৰ্যালয় উদ্ধোধন মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ 

লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত  ধেনুখনা গ্ৰাম্য গোটৰ এটা স্থায়ী কাৰ্যালয় সোমবাৰে  শুভ উদ্ধোধন কৰা হয়। পঞ্চায়তখনৰ মুঠ  ২৫ টা গোটৰ সৰ্বমুঠ ৫০ গৰাকী মহিলাৰ  উপযোগীকৈ প্ৰায় ৬ লাখ পুঁজিৰে নিৰ্মিত নটসূৰ্য গ্ৰাম্য গোটৰ এই স্থায়ী কাৰ্যালয়টোৰ ফিটা কাটি শুভ উন্মোচন কৰে ৰাজ্য চৰকাৰৰ শিক্ষা ও ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ,ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰনোজ পেগুৱে। সোমবাৰে  দুপৰীয়া মন্ত্ৰী গৰাকী পশ্চিম মাছখোৱা অঞ্চলত উপস্থিত হৈ এই গ্ৰাম্য গোটৰ কাৰ্যালয়টো ফিটা কাটি মঙ্গল ধ্বনিৰ মাজত উন্মোচন কৰে। 
হাৰ্হি জিলা পৰিষদৰ সদস্য টিটুমণি গোঁহাই চেতিয়া ,  পঞ্চায়ত প্ৰতিনিধি গীতাঞ্জলি বৰুৱা , হেমচন্দ্ৰ টাইড ,প্ৰদীপ সন্দিকৈ ,অগপৰ মাণ্ডলীক সভাপতি  নোমল গগৈ , ধেমাজি জিলা অগপৰ উপ সভাপতি দুলাল দত্ত , পশ্চিম মাছখোৱা মণ্ডল বিজেপিৰ সভাপতি প্ৰণবজিত গগৈ , উপ সভাপতি লক্ষী নন্দন শইকীয়া , সম্পাদিকা বুলুমণি শইকীয়া  , দীপ্তি চুতীয়া , পদ্মেশ্বৰ শইকীয়া  আদিৰ উপস্থিতিত মন্ত্ৰী ডাঃ পেগুৱে  আজিৰ উন্মোচিত এই কাৰ্যালটোৱে  গ্ৰাম্য মহিলা গোটৰ সদস্য সকলক এটা স্থায়ী পৰিচয় প্ৰদান কৰিলে বুলি মন্তব্য কৰে উন্মোচক ডাঃ পেগুৱে। বৃহত্তৰ পশ্চিম মাছখোৱা পঞ্চায়তৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলক চৰকাৰী আঁচনিৰ নিখুঁত ৰূপায়ণৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰিবলৈ সকীয়াই দি চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনিৰ ৰূপায়ন আৰু অগ্ৰগতি সন্দৰ্ভত প্ৰতিনিধি সকলৰ পৰা খতিয়ান সংগ্ৰহ কৰে মন্ত্ৰী গৰাকীয়ে।  তাৰোপৰি বিধায়ক আৰু সাংসদ সমষ্টি উন্নয়ন পুঁজিৰে নিৰ্মিত আঁচনিৰো খতিয়ান লৈ শীঘ্ৰে সকলো আবন্তিত আৰু অসম্পূৰ্ণ আঁচনি সঠিক আৰু নিখুঁত ৰূপায়ন কৰিবলৈ সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে মন্ত্ৰী পেগুৱে। শিক্ষা  মন্ত্ৰী পেগুৱে বিদ্যালয় একত্রিতকৰণ সন্দৰ্ভত সবল স্থিতি দোহাৰি প্ৰয়োজনীয়তা আৰু আৱশ্যকীয়তাৰ  স্বাৰ্থত এই নীতি সকলো বিদ্যালয়ৰ ক্ষেত্ৰত কঠোৰ ভাবে বলৱৎ হবই বুলি স্পষ্ট কৰি দিয়ে ।  কাৰ্যালয় উদ্ধোধনী সভাতে মন্ত্ৰী গৰাকীয়ে বাটমাৰী অঞ্চলৰ ৰোগাক্ৰান্ত ব্যক্তি হিমাংক হাজৰিকাৰ উন্নত চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ  মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ১০ হাজাৰ টকাৰ এককালীন অৰ্থসাহায্যৰ চে’ক আক্ৰান্ত ব্যক্তিজনৰ অভিভাৱকৰ হাতত  প্ৰদান কৰে। 
বাতৰি যুগুতালে ঢকুৱাখনা পৰা অমৃত পৱন বৰাই

Comments (0)
Add Comment