ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত  শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পালন

ভাৰতীয় হিন্দু  সভ্যতা সংস্কৃতিৰ লগতে  পবিত্ৰ ভাদ মাহৰ বিশ্বাস পৰম্পৰাৰ প্ৰধান উপজীৱ্য স্বৰূপ ভগৱান শ্ৰী শ্ৰী কৃষ্ণৰ জন্মোৎসৱ ভাগি মহা আয়োজনেৰে উত্তৰ অসমৰ প্ৰধান বৈষ্ণৱী পীঠ ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত পালন কৰা হৈছে । ইতিহাস প্ৰসিদ্ধ বৈষ্ণৱ পীঠখনত  ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি  সোমবাৰে  পুৱাৰ পৰাই আৰম্ভ হয় দিনজোৰা কার্যক্রমণিকাৰে শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উৎসৱৰ।  সোমবাৰে পুৱা ৪-৩০ বজাত বাসুদেৱ থান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ভূপেন্দ্ৰ দেৱ গোস্বামী, ডেকা সত্ৰীয়া ভোগেন্দ্র দেৱ গোস্বামী, বীৰেন্দ্ৰ দেৱ গোস্বামী, অতুল দেৱ গোস্বামী, অভিজিত দেৱ গোস্বামীকে প্ৰমুখ্য কৰি সমূহ সত্ৰ পৰিয়াল , সমীপৱৰ্তী ভকত বৈষ্ণৱ একত্ৰিত হৈ আৰম্ভ কৰে পুৱা প্ৰসঙ্গ। ইয়াৰ পাছত পুৱা ৯ বজাত ভক্তপ্ৰাণ আই মাতৃ সকলে বৰ নামঘৰ প্ৰাংগনত উপস্থিত হৈ আই নাম প্ৰসঙ্গৰে হৰিনামৰ  অমিয়া ধ্বনি তুলি সত্ৰৰ বৰ নামঘৰ প্ৰাঙ্গন ভক্তি ৰসেৰে বিধৌত কৰে।  দুপৰীয়ালৈ  ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা  আজিৰ পৱিত্ৰ দিনত সত্ৰখনত আর্শীষ লবলৈ আগমন ঘটা ভক্ত বৈষ্ণবৰ অভূতপূৰ্ব সমাগমৰ মাজত নাম প্ৰসঙ্গ  আৰম্ভ কৰা হয়। গুৰুবাদ্য ডবা ,খোল , তাল , বৰ কাঁহ , শংখ ,ঘণ্টাৰ বিনন্দীয়া ধ্বনিয়ে বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত কৰা  শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ মজিয়াৰ চৈধ্য প্ৰসংগিয়া  নামত ৰাজ্যখনৰ বিভিন্ন জিলাৰ দর্শনার্থীয়ে শ্ৰৱণ কীৰ্তনত অংশ গ্ৰহণ কৰি গুৰুজনা সৃষ্ট আধ্যাত্মিকতাত  বিলীন হয়।
তেনেদৰে ১৮ শতিকাতে প্ৰতিষ্ঠা হোৱা ঢকুৱাখনাৰ মাজ জালভাৰী মহাপুৰুষীয়া ১৪ প্ৰসংগিয়া বৰ নাম ঘৰতো মহাপুৰুষ গোপাল আতাৰ দিনৰে পৰা অৱধাৰিত ভাবে পালিত হৈ অহা জন্মাষ্টমী উৎসৱ ভাগি দিনজোৰা নাম প্ৰসঙ্গৰে  পৰম্পৰাগত ধাৰাবাহিকতা অব্যাহত ৰখা হয় ।ক`ভিড প্ৰ`টকল মানি ঢকুৱাখনা মহকুমাটোৰ বিভিন্ন হৰিমন্দিৰতো শ্ৰী কৃষ্ণৰ জন্মাষ্টমী  উদযাপনৰ খবৰ আহিছে ।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Comments (0)
Add Comment