লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ আধ্যাত্মিক ইতিহাস বহনকাৰী সুঁতিমুখ নামঘৰত সংৰক্ষিত হৈ থকা ৪০০ বছৰ পুৰণি সাঁচি পাতৰ ধৰ্মপুথি কিছুদিন পূৰ্বে চুৰি হৈছিল যদিও অৱশেষত দেওবাৰে উদ্ধাৰ হ`ল। ক`ভিড কেন্দ্ৰীক জটিল পৰিস্থিতিৰ সুবিধা লৈ ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত সুঁতিমুখ গাঁও নামঘৰৰ পৰা মায়ামৰা আদি গুৰু অনিৰুদ্ধ দেৱ বিৰচিত ঐতিহাসিক পুথিখন অজ্ঞাত দুস্কৃতিকাৰীয়ে চুৰি কৰি নিছিল । এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত গোচৰ দিয়াৰ পাছত অব্যাহত থকা তদন্তৰ মাজতে সোমবাৰে সুঁতিমুখ গাঁওৰ এগৰাকী দিব্যাংগ ব্যক্তিত ঘৰৰ দুৱাৰৰ ভিতৰত মাটিত গাত খান্দি পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰা হয়। জানিব পৰা মতে গাঁওখনৰ এগৰাকী মানসিক ভাৱে দুৰ্বল ব্যক্তিৰ ঘৰৰ দুৱাৰৰ ভিতৰ ভাগত এটা গাঁত খান্দি পুতি থোৱা অৱস্থাত ব্যক্তিজনে দেখি খান্দি খুলি চাই থকা প্ৰত্যক্ষ কৰে। উৎসুক ৰাইজ পাছত ঘৰটোলৈ গৈ পৰীক্ষা কৰাত এটা বস্তাৰ ভিতৰৰ পৰা ঐতিহাসিক পুথিখন ৰাইজে উদ্ধাৰ কৰে। পাছত ধৰ্মীয় ৰীতি নীতি,পৰম্পৰা অনুসাৰে পুথি ভাগ ঢকুৱাখনা সদৰ থানাৰ আৰক্ষী বিষয়া বিনোদ দিহিঙীয়াৰ উপস্থিতিত পুনৰ নামঘৰলৈ গায়ন বায়ন, আয়তীৰ উৰুলি মঙ্গল ধ্বনিৰ মাজত হৰিমন্দিৰলৈ মৰ্যদা সহকাৰে নি পূৰ্বৰ স্থানত সংস্থাপিত কৰে। সুঁতিমুখ বাসীৰ পৰম্পৰাগত ধৰ্মীয় আবেগ অনুভূতি বিজড়িত এই অমূল্য ধৰ্মপুথি ভাগ পুনৰ উদ্ধাৰ হোৱাত ধৰ্মপ্ৰাণ ৰাইজে অশেষ সন্তুষ্টি প্ৰকাশ কৰিছে।
বাতৰি যুগুতালে ঢকুৱাখনাৰ অমৃত পৱন বৰাই ।
৪০০বছৰীয়া সাঁচি পাতৰ ধৰ্ম পুথি উদ্ধাৰ
