ঢকুৱাখনাৰ শক্তিপীঠ গোসাঁনী থানত শত শত হাঁহ ছাগলী বলিৰে দেৱী বন্দনা

শাৰদী ৰাণী শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ পূজা অৰ্চনাৰ ধাম খুমীয়াত বিধৌত হৈছে ঢকুৱাখনা মহকুমাৰ পূজা মণ্ডপ সমূহ। দেওবাৰৰ পুৱাৰ পৰাই অগণন দর্শনাৰ্থী ,ভক্ত প্ৰাণ ৰাইজৰ আগমনে  পূজা মণ্ডপ সমূহত উখল মাখল পৰিবেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। প্ৰধানতঃ ঢকুৱাখনাৰ ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয় তথা গোসাঁনী থানত  পুৱাৰ পৰাই ৰাজ্য খনৰ অজস্ৰ ভক্তৰ আগমন ঘটা দৃষ্টিগোচৰ হৈছে। মনোকামনা সিদ্ধিৰ অৰ্থে দেৱী গোসাঁনীলৈ উৎসৰ্গা কৰা হাঁহ, ছাগলী ,কোমোৰা আদি লৈ শিল দল ভাঙি দেৱীৰ শ্ৰী চৰণত সপ্তমীৰ দিনা সভক্তিৰে  আঁঠু লোৱা শাক্ত ধৰ্মী ৰাইজে আগবঢ়োৱা শত শত জীৱৰ বলি দি কালি ঐতিহাসিক গোসাঁনী থানাৰ মজিয়া ৰক্তেৰে ৰঞ্জিত হোৱা দেখা গল । খোল বৰ কাঁহ, গায়ন বায়ন, ঢোল তালৰ ছন্দোময় ছেৱত কেইবাগৰাকী আইৰ  উদ্দাম নৃত্যৰ মাজতে দেৱীলৈ জীৱ প্ৰসাদ আগবঢ়োৱা হয় নিশা পৰ্যন্ত । কৌটি কলীয়া পৰম্পৰা অব্যাহত ৰাখি বলি বিধানেৰে দেৱীৰ স্তুতি বন্দনা অব্যাহত থকা থান প্ৰাংগণত নিশা পৰ্যন্ত দর্শনাৰ্থীৰ লানি নিছিগা সোঁত পৰিলক্ষিত হয় । তেনেদৰে সোনালী জয়ন্তী বৰ্ষ গৰকা ঢকুৱাখনা মিলন মন্দিৰৰ শ্ৰী শ্ৰী দুৰ্গা পূজাতো অগণন ভক্ত ,দর্শনাৰ্থীৰ সমাগম ঘটা পৰিলক্ষিত হল । পৰহি সন্ধিয়া বিধায়ক নৱ দলেয়ে পূজা সমিতিৰ উদ্যোগত উলিওৱা ষষ্ঠী পূজাৰ দেৱী আদৰণীৰ বাবে কৰা জল উত্তোলন যাত্ৰাৰ শুভ উদ্বোধন কৰাৰ পাছত দেওবাৰে পুৱা সপ্তমী পূজা আৰম্ভ হোৱাত নিশা পৰ্যন্ত শত সহস্ৰ দর্শনাৰ্থীৰ আগমন ঘটে । তদ্রুপ ভাবে নগৰৰ ঠাকুৰ বাৰী পূজা মণ্ডপটো দৰ্শকৰ লানি নিছিগা সোঁত বোৱা পৰিলক্ষিত হল । ঘিলামৰা সদৰৰ দুখন পূজা মণ্ডপৰ লগতে শ্ৰী শ্ৰী মণিপুৰী থান পূজা বেদীতো অভূতপূৰ্ব দৰ্শকৰ সমাগম হোৱা দেখা গল নিশা পৰ্যন্ত ।  কোভিডোত্তৰ পৰিস্থিতিৰ পাছত উদযাপিত এই শাৰদীয় দুৰ্গা পূজাৰ বেদীলৈ অজস্ৰ দর্শনাৰ্থীৰ সমাগম হোৱাৰ পৰিপ্ৰেক্ষিতত
মহকুমাটোৰ মুঠ ৯ টা পূজা মণ্ডপত নিয়াৰিকৈ পূজা অনুষ্ঠিত কৰাৰ বাবে ঢকুৱাখনা মহকুমা প্ৰশাসন আৰু ঢকুৱাখনা ,ঘিলামৰা আৰক্ষী প্ৰশাসনে বিশেষ সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহণ কৰি যান বাহন নিয়ন্ত্ৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । উল্লেখ্য যে কাইলৈ মহা অষ্টমীৰ দিনা ঐতিহাসিক গোসাঁনী থানাত তিনিটা গুণা মহ বলিৰে দেৱীৰ বন্দনা কৰাৰ প্ৰস্তুতি সম্পন্ন হোৱা বুলি অভ্যৰ্থনা সমিতিৰ কাৰ্যবাহী সভাপতি মুনিন বৰঠাকুৰ আৰু সম্পাদক মুহিনী হাজৰিকাই জনাইছে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment