ঢকুৱাখনা  মহাবিদ্যালয়ৰ উদ্যোগত নাৰী দিৱস পালন

ঢকুৱাখনাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি  আৰু  মহাবিদ্যালয় মহিলা কোষৰ যৌথ উদ্যোগত মঙ্গলবাৰে আন্তৰ্জাতিক মহিলা দিৱস উদযাপন কৰা হয়।  ঢকুৱাখনা মহকুমাৰ ১নং কেলকেলি গাঁও মহিলা সমিতিৰ সহযোগত ১নং কেলকেলি গাঁও প্ৰাথমিক বিদ্যালয়ত পুৱাৰ পৰাই দিন জোৰা কৰ্মসূচীৰে  নাৰী দিৱসটো অনুষ্ঠিত কৰা হয়।  নাৰী নিৰ্যাতন বন্ধ কৰা,  মহিলা হিংসা বন্ধ কৰা ,  কন্যা শিশুৰ ওপৰত   নিৰ্যাতন বন্ধ কৰা  আদি বিভিন্ন শ্লোগান সম্বলিত প্লে কাৰ্ড গ্ৰামাঞ্চলৰ ৰাজহুৱা স্থানত লগাই  সজাগতা সৃষ্টিৰ প্ৰয়াস চলাই  আয়োজক সমিতিয়ে ।  নাৰী  দিৱসৰ মুকলি সভাৰ কাৰ্যসূচী উদ্ধোধন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূতে ।  অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক ৰাইজ ,শিক্ষাব্ৰতী ব্যক্তি , শিক্ষাৰ্থী ,মহিলা সমাজ আদি উপস্থিত থকা সভাত  এন এছ এছৰ সেৱা আঁচনি বিষয়া তবেন্দ্ৰ নাথ দাসে উদ্দেশ্য ব্যাখ্যা কৰে।  মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাবে ডাঃ কৰিশ্মা বৰাই , নিৰ্দিষ্ট বক্তা হিচাবে মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা পুষ্পাঞ্জলি দুৱৰীয়ে , সমজুৱাৰ একাষাৰত পৰেশ দাস ,দিব্য লতা ভঁৰালীয়ে  ,মহিলা কোষৰ তৰফৰ পৰা ভাৰতী গগৈ আৰু  এন এছ এছৰ তৰফৰ পৰা  পংকজ চক্ৰৱৰ্তী আদিয়ে বক্তব্য আগবঢ়াই  নাৰী দিৱসৰ তাৎপৰ্য আৰু সাম্প্ৰতিক সময়ত এনে দিবস উদযাপনৰ প্ৰাসংগিকতা সন্দৰ্ভত বিস্তৃত অবলোকণ কৰে । গায়ত্ৰী বৰষা দাসৰ দৃষ্টি নন্দন আধুনিক নৃত্য পৰিবেশনে জীপাল কৰি তোলা সভাৰ পূৰ্বে অতি ভিতৰুৱা গ্ৰামাঞ্চলীয় এলেকাটোত এক স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয়।  তেনেদৰে ঢকুৱাখনা মহকুমা মহিলা সমিতিৰ  উদ্যোগটো ধেনুখণাত নাৰী দিবসটো দিনজোৰা বৰ্ণময় কাৰ্যসূচীৰে উদযাপন কৰা হয় ।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment