তথ্যচিত্ৰ ‘The Elephant Whisperers’ আৰু নাটু নাটু গীতে লাভ কৰিলে অস্কাৰ

প্ৰযোজক গুনীত মংগাৰ তথ্যচিত্ৰ দ্য এলিফেণ্ট হুইছপাৰ্ছই লাভ কৰিছে অস্কাৰ বঁটা। ইয়াৰোপৰি RRR বোলছবিৰ জনপ্ৰিয় গীত নাটু নাটু গীতেও লাভ কৰিলে অস্কাৰ বঁটা।

দ্য এলিফেণ্ট হুইছপাৰাৰ’ হৈছে নেটফ্লিক্সৰ এখন তথ্যচিত্ৰ। ইয়াৰ পৰিচালক কাৰ্টিকি গনছালভেছ আৰু প্ৰযোজক গুণিত মংগাই।

আনহাতে অৰিজিনেল ছং শাখাত অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে এছ এছ এছ ৰাজামৌলিৰ ছবি আৰ আৰ আৰৰ গীত নতু-নাটুৱে। ইয়াৰ গীতটি ৰচনা কৰিছে এম এম কীৰাৱণীয়ে। চন্দ্ৰ বসুৱে ইয়াৰ গীতৰ কথা লিখিছে। আনহাতে ৰাহুল ছিপলিগঞ্জ আৰু কাল ভৈৰৱে গীতটোত কণ্ঠ নিগৰাইছে।

Comments (0)
Add Comment