তামুলপুৰৰ কলবাৰীত শিশু সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা

অহা ২৪ আৰু ২৫ জুনত তামুলপুৰত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ প্ৰতিনিধিৰ দল উপস্থিত হ’ব। তাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ নিৰ্দেশমৰ্মে জিলাখনৰ বিভিন্ন ঠাইত বিভিন্ন পৰ্যায়ত সজাগতা সভা অনুষ্ঠিত হৈ আছে। তাৰ অংশ হিচাপে আজি তামুলপুৰ জিলাৰ স্কুলসমূহৰ উপ-পৰিদৰ্শক সৌমদৌন নাৰ্জাৰী আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়া পৱিত্ৰ হাজোৱাৰীৰ নেতৃত্বত কলবাৰী হাইস্কুল, বেৰবলবাৰী মধ্য ইংৰাজী বিদ্যালয় আৰু ৩১৬ নং বেৰবলবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাত ড্ৰাগছ, বাল্য বিবাহ, পথ সুৰক্ষা, আধাতে স্কুল এৰা শিক্ষাৰ্থী আদি বিষয়ত আলোচনা কৰা হয়। আজিৰ এই সজাগতামূলক কাৰ্যসূচীয়ে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ, চমুকৈ “এন চি পি চি আৰ”ৰ তামুলপুৰ ভ্ৰমণৰ প্ৰতি সকলোৰে উৎসাহ বৃদ্ধি কৰিছে।

Comments (0)
Add Comment