তিনিচুকীয়া ৰে’লৱে ডিভিজনত ৫০টা ৰে’লৰ দবা ক’ভিড ৱার্ডৰূপে ব্যৱহাৰ

তিনিচুকীয়া ৰে’লৱে ডিভিজনত ৫০টা ৰে’লৰ দবা ক’ভিড ৱার্ডৰূপে ব্যৱহাৰ

সমগ্র দেশতে ক’ৰোনা সংহাৰৰ এই সময়ছোৱাত ভাৰতীয় ৰে’ল বিভাগে গ্রহণ কৰিছে এক গুৰুত্বপূর্ণ পদক্ষেপ৷ ভাৰতীয় ৰে’ল বিভাগে ৰে’লৰ দবাসমূহ ক’ভিড ৱার্ডৰূপে ব্যৱহাৰ কৰিবলৈ প্রচেষ্টা হাতত লৈছে৷
অসমতো ৰে’লৰ দবাসমূহ ক’ভিড ৱার্ডৰূপে ব্যৱহাৰ কৰা হৈছে৷ তিনিচুকীয়া ৰে’লৱে ডিভিজনত মুঠ ৫০টা ৰে’লৰ দবা ক’ভিড ৱার্ড ৰূপে গঢ়ি তোলা হৈছে৷ ফলত ক’ভিড আক্রান্তসকলে কিছু হ’লেও সকাহ লাভ কৰিব৷ অবাধ গতিত বৃদ্ধি পোৱা ক’ৰোনা ৰোগীৰ ফলত চিকিৎসালয়সমূহ ভর্তি হৈ পৰিছে৷ ফলত ভাৰতীয় ৰে’ল বিভাগৰ এনে পদক্ষেপে কিছু পৰিমাণে সকাহ দিব জনসাধাৰণক৷
তিনিচুকীয়া ৰে’লৱে ডিভিজনৰ তিনিচুকীয়াত ১০টা, ডিব্রুগডত ২০টা আৰু মৰিয়নিত ২০টা ৰে’লৰ দবা ক’ভিড ৱার্ড ৰূপে পৰিণত কৰা হৈছে৷ এই কথা জানিব দিয়ে এ ডি আৰ এম মাছুদ আলমে৷ তেওঁ সাংবাদিকসকলক আৰু কয় যে এটা দবাত ১৮গৰাকী ৰোগী থাকিব পাৰিব আৰু ২টা অক্সিজেনৰ ব্যৱস্থা কৰা হৈছে৷ গতিকে তিনিচুকীয়াৰ ৰে’লৰ ১০টা দবাত মুঠ ১৮০গৰাকী ৰোগী থাকিব পাৰিব৷

Comments (0)
Add Comment