তৃতীয় লিয়ংথাং ছট’কান কাৰাটে ছেম্পিয়নশ্বিপ-যোৰহাটৰ ৰেড ড্ৰেগনৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ

ছট’কান কাৰাটে স্কুল অৱ আসামৰ উদ্যোগত নেহৰু ষ্টেডিয়ামস্থিত দেশভক্ত তৰুণৰাম ফুকন ইন্দ’ৰ ষ্টেডিয়ামত দুদিনীয়াকৈ আৰম্ভ হোৱা তৃতীয় লিয়ংথাং ছট’কান কাৰাটে ছেম্পিয়নশ্বিপৰ অলপতে সফলতাৰে সমাপ্ত ঘটে৷অসমৰ যোৰহাট, নগাওঁ, দৰং, কামৰূপ, কামৰূপ (ম), নলবাৰী আদি বিভিন্ন জিলাৰ উপৰি চুবুৰীয়া মেঘালয়ৰপৰা মুঠ ৭০০তকৈ অধিক খেলুৱৈয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাত যোৰহাটৰ ৰেড ড্ৰেগন মাৰ্চিয়েল আৰ্ট একাডেমি দলে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়৷দলটোৱে মুঠ ১২ টা সোণৰ পদক লাভ কৰে৷আনহাতে গুৱাহাটীৰ ইউনিফাইড কাৰাটে গীল্ড দলে ৮ টা সোণৰ পদকসহ ৰাণাৰ্চ আপ বঁটা লাভ কৰে৷ আনহাতে আয়োজক দল লিয়ংথাং ছট’কান কাৰাটে স্কুল অৱ অসম দৰে ৫ টা সোণ, ৫ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জ ৰ পদক লাভ কৰে৷প্ৰতিযোগিতাৰ প্ৰথমদিনা ১২ বছৰ বয়সৰপৰা ছিনিয়ৰ কেটেগৰীলৈকে আৰু দ্বিতীয়দিনা ৬ বছৰ অনুৰ্ধৰপৰা ১১ বছৰ বয়সলৈকে বিভিন্ন কেটেগৰীৰ প্ৰতিযোগিতাসমূহ সম্পন্ন হয়৷
প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে মেঘালয়ৰ কাৰাটে গুৰু তথা সদৌ মেঘালয় কাৰাটে এচ’ছিয়েশ্যনৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰয়াত শ্বিহান ষ্টীফেন লিয়ঙৰ পুত্ৰ ছান লিয়ঙে অংশ গ্ৰহণ কৰে৷

Comments (0)
Add Comment