তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকালৈ যুৱ উদ্ভাৱক বঁটা

ৰাজ্যখনৰ বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশৰ দিশত অধ্যয়ন আৰু গৱেষণাৰ বিকাশ আৰু প্ৰসাৰত ব্ৰতী অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদে (ASTEC) তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° মুন মুন দেৱীক ২০২২ বৰ্ষৰ যুৱ উদ্ভাৱক বঁটাৰে সন্মানিত কৰাৰ লগতে অসমৰ বিশিষ্ট পদাৰ্থবিজ্ঞানী তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য অধ্যাপক কিশোৰী মোহন পাঠকক পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিছে।

নিউট্ৰিন’ ফিজিক্স, ডিটেক্টৰ চিমুলেচন এণ্ড ইনষ্ট্ৰুমেণ্টেচন আৰু মেচিন লাৰ্নিং বেছড ডাটা এনালাইচিচ অফ পাৰ্টিকল ডিটেক্তৰচ ফৰ হাই এনাৰ্জি ফিজিক্স বিষয়ত গৱেষণা অনুৰাগী ড০ দেৱী তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ NuATP (নিউট্ৰিন’ এণ্ড এষ্ট্ৰ’ পাৰ্টিকল ফিজিক্স ) বিজ্ঞানাগাৰৰ প্ৰিন্সিপাল ইনভেষ্টিগেটৰৰ ( প্ৰধান অনুসন্ধানকাৰী PI) দায়িত্বত অধিষ্ঠিত হৈ আছে। সম্প্ৰতি ড. দেৱীৰ নেতৃত্বাধীন অধ্যয়ন গোটটোৱে জাপান ভিত্তিক হাইপাৰ-কামিওকেণ্ড নিউট্ৰিনো সম্পৰীক্ষাৰ বাবে চিমুলেচন, ইনষ্ট্ৰুমেণ্টেচন আৰু পদাৰ্থ বিজ্ঞান বিশ্লেষণ, আৰু উটিৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চত গামা ৰে এষ্ট্ৰ’নমি পিইভি এনাৰ্জিএছ ফেজ-৩ (GRAPES-3) গৱেষণাৰ সৈতেও জড়িত হৈ আছে।

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে এই সন্মানজনক বঁটা লাভ কৰাৰ বাবে ড০ দেৱীক অভিনন্দন জনোৱাৰ লগতে ড০ দেৱীয়ে সীমাবদ্ধতা অতিক্ৰমি নিজৰ ক্ষেত্ৰখনত অগ্ৰগতিৰ সূচনা কৰি বিজ্ঞানৰ ক্ষেত্ৰখনলৈ উল্লেখযোগ্য অৰিহণা আগবঢ়াই যাব বুলি উপাচাৰ্যগৰাকীয়ে আস্থা প্ৰকাশ কৰে।

তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সংস্থাইও এই বঁটা লাভ কৰাৰ বাবে ড০ দেৱীক সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানত সংস্থাৰ সকলো কাৰ্যবাহী সদস্যৰ লগতে পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপকসকলো উপস্থিত থাকে।

Comments (0)
Add Comment