থোৰতে ৪টা ভাল খবৰ

থোৰতে ৪টা ভাল খবৰ

WhatsApp Image 2018-02-22 at 6.31.22 PM

আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুষ্ঠিত হ’ব লগা কাৰাটে প্ৰতিযোগিতাত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব যোৰহাট বেছাপথাৰৰ ইমন গগৈয়ে। যোৰহাটৰ খ্ৰীষ্ট কিং ইংলিছ স্কুলৰ দশম শ্ৰেণী ছাত্ৰী ইমনে অহা ১০ মে’ৰ পৰা ১৩ মে’লৈ টকিঅ’ত অনুষ্ঠিত হ’ব লগা আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব। জানিবপৰামতে ইমনে প্ৰশিক্ষকৰ সহযোগত দৈনিক ডেৰ ঘণ্টাকৈ প্ৰস্তুতি অব্যাহত ৰাখিছে। ইতিপূৰ্বে ইমনে ৰাষ্ট্ৰীয় পৰ্য্যায়ত বহু কেইটা প্ৰতিযোগিতাত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত নিৰ্বাচিত হোৱাৰ খবৰে সকলোকে উৎফুল্লিত কৰি তুলিছে।

WhatsApp Image 2018-02-22 at 6.29.53 PM

আনহাতে বৰপেটাৰ সৰভোগৰ যুৱক সাগৰ ঘোষে বেংগলী এখন ছবিত অভিনয়ৰ বাবে সুযোগ লাভ কৰিছে। মডেলিঙৰ জৰিয়তে অভিনয় জগতত খোজ পেলাবলৈ সক্ষম হোৱা সাগৰে “তাৰ গল্প” শীৰ্ষক চিনেমা খনত এজন অফিচাৰৰ চৰিত্ৰত অভিনয় কৰিছে। জানিবপৰামতে এছিয়ান ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শনৰ বাবে চিনেমাখন নিৰ্বাচিত হৈছে। কেঞ্চাৰ ৰোগৰ কাহিনীৰ ওপৰত নিৰ্মিত চিনেমা খনৰ পৰিচালক সুদীপ্ত দে’। উল্লেখযোগ্য যে ২০১৭ বৰ্ষৰ সাগৰে মিষ্টাৰ ইণ্ডিয়াৰ প্ৰতিযোগীতাত বিজয়ী প্ৰতিযোগী আছিল।

WhatsApp Image 2018-02-22 at 6.32.02 PM

অহা ২৬ ফেব্ৰুৱাৰীৰ পৰা খানাপাৰাৰ হোটেল পেলেচিঅ’ত অনুষ্ঠিত হ’ব ৰাজস্থানী ফুড ফেষ্টিভেল। ৰাজস্থানৰ পৰম্পৰাগত খাদ্য, পনীয় ফেষ্টিভেলটোত উপলব্ধ হ’ব। আজি পেলিচিঅ’ত অনুষ্ঠিত কৰা এক সংবাদ মেলত চেফ অতনু ঘোষে কয় যে ৰাজস্হানৰ সমূহ খাদ্য ফেষ্টিভেলটোত প্ৰদৰ্শিত হ’ব। আগ্ৰহী সকলে ৯৭০৭৬৬৬৬৬১ নম্বৰত যোগাযোগ কৰিলে ফেষ্টিভেলটোৰ বিষয়ে সবিশেষ জানিব পাৰিব।

ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ বিজ্ঞান প্ৰচাৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগে আন্ত:ৰাষ্ট্ৰীয় মানৰ বিজ্ঞান চলচিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰিছে। ২০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা চলচিত্ৰ মহোৎসৱ খনত প্ৰায় ৮২খন ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চলচিত্ৰ প্ৰদৰ্শিত হৈছে। ইতিমধ্যে কিছুসংখ্যক চলচিত্ৰ খানাপাৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰত প্ৰদৰ্শিত হৈছে। প্ৰায় ৫শতাধিক ছাত্ৰ-ছাত্ৰীয়ে মহোৎসৱ খনত প্ৰদৰ্শিত ছবি উপভোগ কৰিছে। জানিব পৰা মতে ২৪ ফেব্ৰুৱাৰীত মহোৎসৱ খনি অন্ত পৰিব।

Comments (0)
Add Comment