দক্ষিণ কামৰূপ জিলা বিজেপিৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভাৰতীয় জনতা পাৰ্টিৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ মালহৰে উদযাপন কৰা হয়। সমান্তৰালভাৱে দক্ষিণ কামৰূপ জিলাৰ উদ্যোগতো বিভিন্ন ঠাইত প্ৰতিষ্ঠা দিৱসৰ উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত বিজেপিৰ সকলো কাৰ্যকৰ্তাৰ নিজ নিজ ঘৰৰ পদুলী মুখত দলীয় পতাকা উত্তোলন, ৯.৩০ বজাত জিলা, মণ্ডল আৰু বুথত দলীয়া পতাকা উত্তোলন, ৯.৪৫ বজাত ভাৰত মাতাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান, বন্দে মাতৰম গীত পৰিবেশন, ১০ বজাত দলীয় টুপী পৰিধান কৰি হাতত দলীয় পতাকা লৈ কাৰ্যকৰ্তাসকলে ৩০ মিনিট শোভাযাত্ৰা কৰে। ইয়াৰ পিছতে ভাৰতৰ তেজস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেল যোগে দেশবাসীক সম্বোধন কৰে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বাটৰহাটস্থিত দক্ষিণ কামৰূপ জিলা বিজেপিৰ কাৰ্যালয়ত ‘দলৰ ইতিহাস ও বিকাশ’ সন্দৰ্ভত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, জিলা প্ৰভাৰী জয়ন্ত ডেকা, এচ.চি.মৰ্চাৰ উপ-সভাপতি কুশলজ্যোতি মালাকৰ উপস্থিত থাকি বিষয়বস্তুৰ ওপৰত ভাষণ প্ৰদান কৰে। সভাত কৃষক মৰ্চাৰ ৰাজ্যিক কোষাধ্যক্ষ ৰাজেন নাথ, আই টি ডি পি অধ্যক্ষ লাৱণ্য বড়ো, ৰাজ্যিক সদস্য হিৰণ্য দাস, অ’বিচি মৰ্চাৰ সভাপতি লক্ষ্যধৰ তালুকদাৰৰ লগতে জিলা বিষয়ববীয়াসকল উপস্থিত থাকে।

Comments (0)
Add Comment