দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ গোপালপুৰত ভোগালী বিহুৰ প্ৰস্তুতি

সমগ্ৰ অসমতে চলিছে মাঘ বিহুৰ প্ৰস্তুতি। মাঘ বিহুক লৈ বিভিন্ন ঠাইত আটকধুনীয়া কৈ সজাই তোলা হৈছে ভেলা ঘৰ।দক্ষিণ শালমাৰা মানকাচৰ জিলাতো মাঘ বিহুক লৈ চলিছে ব্যাপক প্ৰস্তুতি।যোৱা পোন্ধৰ দিনৰ পৰা সকলোৱে মিলি মানকাচৰৰ গোপালপুৰত দুমহলীয়া কৈ আটকধুনীয়া সজাই পৰাই তোলা হৈছে ভেলা ঘৰ।
প্ৰতি বছৰে মাঘবিহু পতা হয় যদিও এইবাৰ ব্যতিক্ৰমী ৰূপত মাঘ বিহু পতা হব৷ মাঘবিহুৰ দিনা ৰাতিপুৱা ৮ বজাত পতাকা উত্তোলনৰ পিছত লৰা-ছোৱালীৰ খেলধেমালিৰ লগতে নিজাকৈ হুচৰি গাব বুলি বিহু কমিটিৰ বিষয়-ববীয়াই জানিবলৈ দিছে৷
বাতৰি যুগুতালে সামিম জাকাৰিয়াই

Comments (0)
Add Comment