সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমগ্ৰ অসমৰে ভিতৰত দশম স্থান দখল কৰি হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনিছিল লংকাৰ অংকিতাই। আজি তিনিটা সংগঠনে অংকিতাৰ বাসগৃহত উপস্থিত হৈ ফুলাম গামোচা, জাপি, মানপত্ৰ, কিতাপ, কলম আদিৰে কৃতি ছাত্ৰী গৰাকীক সম্বৰ্ধনা জনায়।
হোজাই জিলাৰ কৰ্মচাৰী পৰিষদৰ সভাপতি ফাইজ মহম্মদ বৰভুঞা আৰু সম্পাদক প্ৰনৱ চৌধুৰীৰ নেতৃত্বত কৰ্মচাৰী পৰিষদৰ এটি প্ৰতিনিধি দলে সম্বৰ্ধনা জনায়। নীলবাগান প্ৰেছ ক্লাৱৰ সভাপতি কফিল উদ্দিন বৰভুঞাই স্থানপ্ৰাপ্ত কৃতি ছাত্ৰী গৰাকীৰ বাসগৃহত উপস্থিত হৈ ফুলাম গামোচা আৰু কলমেৰে সম্বৰ্ধনা জনাই উৎসাহিত কৰে। যমুনাপৰীয়া শাখা সাহিত্য সভাৰ সম্পাদক তথা মোৰাঝাৰ গাইডেন্স জুনিয়ৰ কলেজৰ অধ্যক্ষ ছাদিকুজ জামানে কৃতী ছাত্ৰী গৰাকীক গামোচা আৰু কিতাপেৰে সম্বৰ্ধনা জনায়৷
উল্লেখযোগ্য যে অংকিতাই নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজত বিজ্ঞান শাখাত অধ্যয়ন কৰিব। অংকিতাই সাংবাদিকৰ আগত জনোৱা মতে ভৱিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ আশা পুহি ৰাখিছে।
খবৰ যুগুতালে মোৰাঝাৰৰ পৰা ছাদিকুজ জামানে।
দশম স্থানপ্ৰাপ্ত অংকিতাক সম্বৰ্দ্ধনা তিনিটা সংগঠনৰ
