দিনটোৰ খবৰ

উদ্যমী সকলৰ বাবে উত্তৰ পূব খন খুবেই সম্ভৱনাপূৰ্ণ ঠাই। মৌ, গাখীৰ, কাঠফুলা, পশুধন পালন আদিৰ জৰিয়তে বহুতো নিবনুৱাই কৰ্মসংস্থাপন লাভ কৰিব পাৰে। আজি নেডফি (NEDFi) হাটত North Eastern Council Secretariat, Ministry of Development of North Eastern Shillong Region সহযোগত আয়োজিত এক সংবাদ মেলত সদৰী  কৰে যে Organic খেতিৰ ওপৰত উদ্যমী সকলে গুৰুত্ব আৰোপ কৰিব লাগে। বিশেষকৈ পশুধন হিচাপে গো পালন কৰিব লাগে। গো পালন কৰিলে গাখীৰৰ উৎপাদন হ’ব আৰু স্থানীয় ভাৱে উৎপাদিত গাখীৰৰ উৎপাদন বৃদ্ধি পাব। আজিৰ এই সংবাদ মেলত উত্তৰ পূবৰ বিভাগীয় সমূহ কৰ্তৃপক্ষই অংশগ্ৰহণ কৰে।

আনহাতে লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা সোঁৱৰণি ন্যাসৰ উদ্যোগত মঙলবাৰে গুৱাহাটী প্ৰেচ ক্লাবত উন্মোচন কৰা হয় “ঘোষাঅমৃত” শীৰ্ষক এখনি শ্ৰাব্য চিডি। শ্ৰাব্য চিডিখনত সন্নিবিষ্ট কৰা হৈছে মহাপুৰুষ মাধৱদেৱ বিৰচিত নামঘোষাৰ কেইবাটাও পদ। শ্ৰাব্য চিডিখন উন্মোচন কৰে বিশিষ্ট শিল্পী তথা সংগীত পৰিচালক ৰমেন চৌধুৰীয়ে। অনুষ্ঠানত উপস্থিত থাকে লুইত কোঁৱৰ পত্নী আৰতি বৰুৱা, পুত্ৰ স্বপ্ননীল বৰুৱা, বিশিষ্ট অভিনেত্ৰী চেতনা দাসকে ধৰি আন বহুজন। মহাপুৰুষজনাৰ অন্যতম সৃষ্টি নামঘোষাৰ পদসমূহ সংৰক্ষণ আৰু নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ উদ্দেশ্যে ৰুদ্ৰ বৰুৱা সোঁৱৰণি ন্যাসে গ্ৰহণ কৰিছে এই পদক্ষেপ।  ঘোষাঅমৃত কণ্ঠদান কৰিছে সত্ৰীয়া সংস্কৃতিৰ শিল্পী হৰি শইকীয়া। প্ৰযোজনা আৰু পৰিকল্পনা স্বপ্ননীল বৰুৱাৰ। উল্লেখযোগ্য যে অসমৰ উপৰিও অষ্ট্ৰেলিয়া, আমেৰিকা, ডুবাইকে ধৰি আন কেইবাটাও স্থানত মুক্তি দিয়া হ’ব এই শ্ৰাব্য চিডিখন। 

Comments (0)
Add Comment