দিনটোৰ বিশেষ খবৰ

দিনটোৰ বিশেষ খবৰ
IMG-20171220-WA0017
কবিতাৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই। যি কবিতাই অন্তৰ চুই যায়, মন আন্দোলিত কৰিব পাৰে। সেইবোৰ কবিতাক মানুহে কবিতা হিচাপে স্বীকৃতি দিয়ে–এই মন্তব্য অধ্যক্ষ সৌমাৰ জ্যোতি মহন্তৰ। আজি গুৱাহাটী প্ৰেছ ক্লাৱত কবি মনোৰঞ্জন শইকীয়াৰ “আকাশ চুৱৰ মন” শীৰ্ষক এখন কবিতা পুথি উন্মোচনী অনুষ্ঠানত এই মন্তব্য কৰে। উদীয়মান কবি মনোৰঞ্জন শইকীয়াই কবিতা পুথি খনৰ জড়িয়তে মানুহৰ কিছুমান প্ৰয়োজনীয় মানৱীয় গুণ ধৰি ৰখাৰ প্ৰয়াস কৰিছে‌। উন্মোচনী অনুষ্ঠানত চৈয়দ চাদুল্লা, সূৰ্য্য দাস আৰু জ্যোতিৰ্ময় ওজা, ৰবীন ভূঞা উপস্থিত থাকে।
 
IMG-20171220-WA0016
আনহাতে অহা ২২ ডিচেম্বৰৰ পৰা ইণ্ডিয়ান আৰ্ট হিষ্ট্ৰী কংগ্ৰেছৰ মহাসভা আৰু ৰূপালী জয়ন্তী সমাৰোহ অনুষ্ঠিত হ’ব। লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত হ’ব লগা সমাৰোহ খনত বিভিন্ন দেশৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব। এই মন্তব্য কৰিছে ‌ইণ্ডিয়ান আৰ্ট হিষ্ট্ৰী কংগ্ৰেছৰ সভাপতি ৰৱীন্দ্ৰ দেৱ চৌধুৰীয়ে। আজি অসম ৰাজ্যিক সংগ্ৰহালয়ত অনুষ্ঠিত এক সংবাদ মেলত ৰবীন দেৱ চৌধুৰীয়ে কয় যে পৰ্যটন বিভাগে ঐতিহাসিক সমল সমূহৰ বিষয়ে কাম কৰিবলৈ বহুতো সুযোগ আছে। দুখৰ বিষয় যে কেৱল বিদেশী পৰ্যটক সকলে আমাৰ সম্পদ সমূহৰ মোল বুজে। অহা ২২ ডিচেম্বৰত পৰা অনুষ্ঠিত হ’বলগীয়া অধিবেশন খনত বিভিন্ন প্ৰান্তৰ গৱেষক আৰু পণ্ডিতসকল গৱেষণা পত্ৰ পাঠ কৰিব। এই সমাৰোহখন ৰাজ্যপাল জগদীশ মুখীয়ে উদ্বোধন কৰিব।
Comments (0)
Add Comment