দিনটোৰ ভাল খবৰ

দিনটোৰ ভাল খবৰ

WhatsApp Image 2017-11-13 at 5.46.37 PM

কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত পিৰামল ফাউণ্ডেচনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। আজি মহানগৰীৰ তাজ ভিভাণ্টাত অনুষ্ঠিত কৰা এক অনুষ্ঠানত পিৰামল গ্ৰুপৰ উপাধ্যক্ষা ড০ স্বাতী পিৰামলে ভ্ৰাম্যমান ভাৱে সেৱা (কৰ্কট ৰোগৰ) আগবঢ়োৱা ডি. ই.এচ এইচ উদ্ধোধন কৰে। ডি. ই.এচ এইচ প্ৰকল্প উদ্ধোধন কৰি ড০ স্বাতী পিৰামলে কয় যে ভাৰতৰ ভিতৰত উত্তৰ পূবত সৰ্বাধিক হাৰত কৰ্কট ৰোগীক পোৱা যায়। আৰু কামৰূপ জিলাই উত্তৰ পূবৰ ভিতৰত চতুৰ্থ স্থান দখল কৰিছে। এই ৰোগত আক্ৰান্ত হোৱা মানেই মৃত্যু নহয়। প্ৰাৰম্ভিক অৱস্থাতে এই ৰোগক চিনাক্ত কৰিলে আৰোগ্য লাভ কৰিব পাৰি। স্মতৰ্ব্য যে আজি উদ্ধোধন কৰা ম’বাইল গাড়ীয়ে জৰিয়তে অসমৰ বিভিন্ন অঞ্চলত গৈ সেৱা আগবঢ়াব।

WhatsApp Image 2017-11-13 at 5.47.07 PM

উল্লেখযোগ্য যে পিৰামল ফাউণ্ডেচনে ৭ বছৰ ধৰি অসমত স্বাস্থ্য, শিক্ষাৰ ক্ষেত্ৰত সেৱা আগবঢ়ায় আহিছে। এই “দেশ” প্ৰকল্পটোৱে অসমৰ ২১ খন জিলাক সামৰি ল’ব। অনুষ্ঠানত কৰ্কট ৰোগৰ বিপক্ষে যুঁজ আৰম্ভ কৰা বডি বিল্ডাৰ মহাদেৱ ডেকা আৰু মিনতি ড০ বৰঠাকুৰে নিজৰ অনুভৱ ব্যক্ত কৰে। অনুষ্ঠানত পিৰামল ফাউণ্ডেচনৰ বিষয়ববীয়াৰ লগতে বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানৰ বি বি বৰঠাকুৰে অংশগ্ৰহণ কৰে।

WhatsApp Image 2017-11-13 at 5.42.17 PM

আজিৰে পৰা ভেটাপাৰাৰ মৌলানা মহম্মদ তৈয়বুল্লা হকী ষ্টেডিয়ামত আৰম্ভ হৈছে ৪১ সংখক আন্তঃফ্ৰণ্টিয়াৰ হকী প্ৰতিযোগিতা। হকী প্ৰতিযোগিতাখন মুকলি কৰে অৰ এচ মোচাহাৰীয়ে। তেখেতে ভাষণ প্ৰসংগত এনে প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে আনন্দ প্ৰকাশ কৰে। লগতে সকলো খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰে। লীগ আৰু নক আউট পদ্ধতিত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনত বিভিন্ন প্ৰান্তৰ বি এছ এফ ১২ টা ফ্ৰণ্টিয়াৰে ভাগ ল’ব। উল্লেখযোগ্য যে আন্তঃফ্ৰণ্টিয়াৰ হকী প্ৰতিযোগিতাখন ১৬ নৱেম্বৰলৈকে চলিব। 

Comments (0)
Add Comment