দিনটোৰ ভাল খবৰ

ইণ্টাৰনেচনেল আল্টিমেট ক্ৰাভ মেগা ফাউণ্ডেশ্যনৰ উদ্যোগত ক্ৰাভ মেগাৰ কৌশল প্ৰদৰ্শিত হয়। আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা এক সংবাদ মেলত ক্ৰাভ মেগাৰ সম্পৰ্কত প্ৰশিক্ষক অঞ্জন গগৈয়ে কয় যে ক্ৰাভ মেগা ইজৰালৰ যুৱতী সকলে আত্মৰক্ষা কৰা এক কৌশল। সেই কৌশল সমূহৰে প্ৰশিক্ষণ অহা ১ জুনৰ পৰা নেহৰু ষ্টেডিয়ামত প্ৰদান কৰা হ’ব। ইচ্ছুক সকলে সবিশেষ জানিবলৈ ৯৮১১২৬০৯৭৯ নম্বৰত যোগাযোগ কৰিব পাৰিব।
দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ সাহসেৰে জীৱন যুঁজত অৱতীৰ্ণ হোৱা যোৰহাটৰ টেট শিক্ষয়ত্ৰী শিল্পীশিখা বৰুৱালৈ সহায়ৰ হাত আগবঢ়াইছে আজমল ফাউণ্ডেচনে। শিল্পীশিখাৰ চিকিৎসাৰ ব্যয় আজমল ফাউণ্ডেচনে বহন কৰাৰ উপৰিও আজি বিয়লি বিমানেৰে নি কলকাতাস্থিত টাটা কেন্সাৰ হস্পিতাল লৈ নিয়া হয়। যাত্ৰাৰ পূৰ্বে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত আজমল ফাউণ্ডেচনৰ প্ৰবন্ধক ৰেকিবুল হক আজাদৰ উপৰিও হাইদৰ হুছেইন বৰা আৰু খলিলুৰ ৰহমানে ফুলৰ থোপাৰে যাত্ৰাৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আশুআৰোগ্য কামনা কৰে। আনহাতে বিমান বন্দৰত সাংবাদিকৰ সৈতে হোৱা চমু বাৰ্তালাপত শিল্পীশিখাই তেওঁৰ চিকিৎসাৰ ব্যয় আজমল ফাউণ্ডেচনে ব্যয় কৰা কাৰ্য্যৰ শলাগ লয় আৰু এইক্ষেত্ৰত বিগত দিনকেইটাত অসমৰ ৰাইজ আৰু সংবাদমাধ্যমে দেখুৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
Comments (0)
Add Comment