দুটা ইতিবাচক খবৰ

দুটা ইতিবাচক খবৰ

এটা বিশেষ বিষয় । যিটো বিষয় প্ৰায়ে হোষ্টেল অথবা মেচৰ আদ্দাত স্থান লাভ কৰে|যিটো বিষয়ৰ বাবে সমাজত বিভিন্নজনে বছৰ বছৰ ধৰি লাঞ্চনাৰ সন্মুখীন হৈ আহিছিল। অৱশেষত বিষয়টোৱে স্বীকৃতি পালে।সমকামীসকলৰ পক্ষত ৰায় দিলে উচ্চতম নায়্যালয়ে। উচ্চতম নায়্যালয়ৰ মুখ্য ন্যায়ধীশ দিপক মিশ্ৰ নেতৃত্বত গঠিত বিচাৰপীঠে সমকামীসকলৰ সম্পৰ্ক আজি বৈধ বুলি ঘোষণা কৰিলে। এই ৰায়দানৰ অন্তত মুখ্য ন্যায়াধীশ দিপক মিশ্ৰই কয় যে সকলোৰে সম অধিকাৰ আছে। সমকামী সকলো সমাজৰে অংগ। গতিকে তেওঁলোকেও সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে। স্মৰ্তব্য যে বহু বছৰ ধৰি সমলিংগীয় অধিকাৰৰ প্ৰসংগটো চৰ্চিত হৈ আছিল।

ম্যানমাৰত অনুষ্ঠিত হোৱা মিষ্টাৰ মডেল অৱ দ্যা ৱল্ড প্ৰতিযোগিতাত খিতাপ দখল কৰিলে দীপাংকৰ তালুকদাৰে। ১৫ খন দেশৰ প্ৰতিযোগীৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত তালুকদাৰে ৱল্ড ষ্টাৰ খিতাপ দখল কৰিবলৈ সক্ষম হ’ল। উল্লেখযোগ্য যে, এই মিষ্টাৰ মডেল অৱ দ্যা ৱৰ্ল্ড প্ৰতিযোগিতাত ধুনীয়া আৰু স্মাৰ্ট পুৰুষৰ প্ৰতিযোগিতা বুলিধৰা হয়। য’ত ফেশ্বন, সংস্কৃতি, ঐতিহ্য আৰু মূল্যবোধক আগস্থান দিয়া হয়।

Comments (0)
Add Comment