দুটা বিশেষ খবৰ

দুটা বিশেষ খবৰ
IMG-20171217-WA0008
কালিৰে পৰা দুদিনীয়া কাৰ্য্যসূচীৰে বৰপেটাৰ ছায়াৰাম শিক্ষানুষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হৈছে কলাগুৰু সংগীত মহোৎসৱ। জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত আয়োজন কৰা মহোৎসৱখনিৰ উদ্দেশ্য হ’ল বিষ্ঞুপ্ৰসাদ ৰাভা দেৱৰ আদৰ্শ জনমানসত প্ৰবাহিত কৰা আৰু অসমৰ থলুৱা কৃষ্টি সংস্কৃতি বিকাশ কৰা। মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰথম দিনা বৃক্ষৰোপন, Save Rhino Assam শীৰ্ষক সজাগতা সমদল, বিষ্ঞুৰাভা সংগীত আৰু আধুনিকগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
IMG-20171217-WA0005
ইয়াৰ উপৰিও সন্ধ্যা আতচবাজী প্ৰদৰ্শিত হয়। আনহাতে আজি চিত্ৰাংকণ প্ৰতিযোগিতা, স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। স্মৃতিচাৰণ সভাত উপস্থিত থাকি বিশিষ্ট সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞাই কয় যে যদিও তাহানিৰ দিনত কোনো ইলেকট্ৰনিক মাধ্যম অথবা চ’ছিয়েল মেডিয়া নাছিল তথাপিও বিষ্ঞুৰাভা দেৱৰ কৰ্ম, আদৰ্শ প্ৰতি মুগ্ধ হৈ সকলোৱে তেখেতক “ষ্টাৰ” জ্ঞান কৰিছিল।
FB_IMG_1513520071213
উল্লেখযোগ্য যে স্মৃতিচাৰণ সভাত সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, হেমৰাজ ৰাভা আৰু পংকজ বৰদলৈয়ে অংশ গ্ৰহণ  কৰে। সন্ধ্যাৰ ভাগত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
IMG-20171217-WA0009
আনহাতে অসমৰ অন্যতম অগ্ৰণীয় সামাজিক বে-চৰকাৰী সংস্থা Needs ৰ উদ্যোগত কালি খানাপাৰাৰ গ্ৰীণ উদ্ ৰিৰ্জট Needs excellance award শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। সামাজিক উদ্যমী অমৰদ্বীপ পালৰ প্ৰচেষ্টাত আয়োজিত অনুষ্ঠানটোত বিভিন্ন বিভাগৰ বহু কেইগৰাকী উদীয়মান যুৱকক Promising Youth Award- 2017 ৰে সন্মানিত কৰে।
আনহাতে বিজু ফুকন মেমো’ৰিয়েল বঁটা, সমাজসেৱী, সাংবাদিকতা, ফেশ্বন ফটোগ্ৰাফী, সংগীত, ফটোগ্ৰাফী, ম’বাইল থিয়েটাৰ, ক্ৰীড়া অভিনয়, উদ্যমী শিতানত বঁটা আগবঢ়ায়। তৰ্ক বিভাগত বঁটা আগবঢ়ায় নৱনীল বৰুৱাক, সমাজকৰ্মী ড০ ইলিয়াচ আলী, নৃত্যত মৰমী মেধীক, ফেশ্বন ফটোগ্ৰাফাৰ ৰাহুল বিশ্বাসক, সাংবাদিকতাৰ শিতানত নিখিল তালুকদাৰ, পংকজ কুমাৰ দাসক, সংগীত শিল্পী তৰালী শৰ্মাক, অভিনেত্ৰী নিশিতা গোস্বামীক, ম’বাইল থিয়েটাৰত মৃদুল ভূঞাক, ক্ৰীড়াৰ ক্ষেত্ৰত ৰবচ ৰথে আৰু উদ্যমী পৱন আগৰৱালাক বঁটা প্ৰদান কৰে।
অনুষ্ঠানৰ লগত সংগতি ৰাখি ফেশ্বন শ্ব’ অনুষ্ঠিত হয়। উল্লেখযোগ্য যে বিভিন্ন সামাজিক জলন্ত সমস্যাৰ প্ৰতিবাদ ফেশ্বন শ্ব’টোত  মডেলৰ জৰিয়তে উপস্থাপন কৰে। অনুষ্ঠানত বহুতো গণ্য মান্য ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।
Comments (0)
Add Comment